ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক

dainik janambhumi July 16, 2025

ডিজিটেল ডেস্ক : ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্রিকেটৰ বহু প্রতীক্ষিত প্রত্যাৱর্তন ঘটিব। সেই অনুসৰি ১২ জুলাইত আৰম্ভ হ'ব ক্রিকেট। একেটা মাহৰ ২০ আৰু ২৯ জুলাইত হ'ব পদকৰ যুঁজ। সোমবাৰে আয়োজকে লছ এঞ্জেলছ অলিম্পিক গেমছৰ সময়-সূচী প্রকাশ কৰে। সেই অনুসৰি ক্ৰিকেটৰ লগতে বাস্কেটবল, ফিল্ড হকী, হেণ্ডবল, ৰাগবী-৭, ছকাৰ আৰু ৱাটাৰ প'লৰ জৰিয়তে আৰম্ভ হ'ব ২০২৮ চনৰ অলিম্পিক গেমছ।

উল্লেখযোগ্য যে ১৯০০ চনৰ পেৰিছ অলিম্পিকত প্রথম আৰু শেষবাৰলৈ ক্রিকেট অনুষ্ঠিত হৈছিল। সেইবাৰ মাথোঁ দুটা দলৰ মাজত ক্রিকেট অনুষ্ঠিত হৈছিল। দল দুটা আছিল গ্রেইট ব্রিটেইন আৰু ফ্রান্স। গ্রেইট ব্রিটেইনে পাইছিল স্বর্ণপদক। ১২৮ বছৰৰ পাছত টি-২০ ফৰমেটৰ জৰিয়তে উভতি অহা ক্রিকেট পুৰুষ আৰু মহিলাৰ উভয় শাখাত হ'ব। প্রতিটো শাখাতে থাকিব সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক।

অধিকাংশ মেচৰ দিনা দুখনকৈ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি প্রথম খেল নিশা ১-৩০ বজাত আৰম্ভ হোৱাৰ বিপৰীতে আনখন খেল পিছৰ দিনা পুৱা ৭ বজাত অনুষ্ঠিত হ'ব। ২০২৮ চনৰ অলিম্পিকৰ সকলো ক্রিকেট খেল লছ এঞ্জেলছৰ পৰা প্রায় ৫০ কিঃমিঃ দূৰত অৱস্থিত পোখোনাৰ ফেয়াৰ গ্রাউণ্ডছত অস্থায়ীভাৱে নির্মিত ভ্যেনুত অনুষ্ঠিত হ'ব।

Share This