ভাৰত-পাকিস্তানৰ খেল ১৪ অক্টোবৰত : আই চি চি ৰ ঘোষণা

Jyoti Borah August 10, 2023

ডিজিটেল ডেস্ক : আসন্ন এদিনীয়া বিশ্ব কাপৰ সংশোধিত সূচী ঘোষণা কৰিছে আই চি চিয়ে৷ সেই অনুসৰি সন্মানজনক প্ৰতিযোগিতাখনৰ ভাৰত আৰু পাকিস্তানৰ বহু প্ৰতীক্ষিত আৰু চৰ্চিত খেলখনৰ লগতে আন আঠখন মেচৰ সূচীও সলনি কৰা হৈছে৷ দুই পুৰাতন প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন পূৰ্বৰ সূচী অনুসৰি আহমেদাবাদত ১৫ অক্টোবৰত হোৱাৰ কথা আছিল৷ এতিয়া বুধবাৰে আই চি চিয়ে প্ৰকাশ কৰা নতুন সূচী মতে একে স্থানতে ১৪ অক্টোবৰত হ’ব ভাৰত আৰু পাকিস্তানৰ খেল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ইংলেণ্ড আৰু আফগানিস্তানৰ খেল ১৪ অক্টোবৰৰ পৰিৱৰ্তে দিল্লীত ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব৷ আনহাতে, হায়দৰাবাদত শ্ৰীলংকাৰ বিৰুদ্ধে পাকিস্তানৰ খেলখন ১২ অক্টোবৰৰ পৰিৱৰ্তে এতিয়া ১০ অক্টোবৰত হ’ব৷ ইফালে, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত লক্ষ্ণৌত হ’বলগীয়া মেচখন ১২ অক্টোবৰৰ সলনি ১৩ অক্টোবৰত অনুষ্ঠিত হ’ব৷ একেদৰে নিউজিলেণ্ড আৰু বাংলাদেশৰ খেলখন চেন্নাইত ১৩ অক্টোবৰত হ’ব৷ ইয়াৰ উপৰি বাংলাদেশৰ বিৰুদ্ধে ইংলেণ্ডৰ ধৰমতালাৰ খেলখন দিনৰ ১০-৩০ বজাত আৰম্ভ হ’ব৷ ইফালে, নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অন্তিম লীগ মেচখন বেংগালুৰুত ১১ নৱেম্বৰৰ সলনি ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব৷

Share This