ডিজিটেল ডেস্ক : ১৫টা বছৰ পশ্চিম বংগৰ লগতে দেশৰ ৰাজনীতিত দপদপাই থকা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্রেছৰ (টি এম চি) প্রতি চৰম বিপর্যয় নামি আহিছে। বিধানসভাৰ নিৰ্বাচনত অভূতপূর্ব পৰাজয়ৰ পাছত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ পৰা এজন এজনকৈ নেতা-কর্মীয়ে পদত্যাগ কৰিছে। বিধানসভাৰ বিৰোধী দলপতি বাছনিক লৈ ঋতব্রত বেনার্জী আৰু সন্দীপন সাহাৰ নেতৃত্বত ৫৮ গৰাকী বিধায়কে মমতাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে আৰু ইয়াৰ পাছত ৫৮ গৰাকী বিধায়কৰ সমর্থনত ঋতব্রত বেনাৰ্জীয়ে 'প্রকৃত টি এম চি'ৰ দাবী কৰি বিধানসভাৰ বিৰোধী দলপতি হয়। ইয়াৰ পাছতেই ৰাজ্যিক প্রেক্ষাপটৰ পৰা গৈ দিল্লীতো মমতাৰ টি এম চিত চৰম বিপর্যয় হয়।
বিদ্রোহী সাংসদ কাকলী ঘোষ দস্তিদাৰৰ নেতৃত্বত ১৯ গৰাকী লোক সভাৰ টি এম চিৰ সাংসদে বিদ্রোহ ঘোষণা কৰে। লোক সভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্র লিখি তেওঁলোকে এন ডি এক সমর্থন দিব বুলি প্রকাশ কৰে। এই বিদ্রোহী টি এম চিৰ সাংসদকেইগৰাকীয়ে দল ত্যাগো কৰা নাই অথবা এতিয়ালৈকে বিজেপিতো যোগ দিয়া নাই। আনহাতে, যোৱা এসপ্তাহৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ ৪ গৰাকী ৰাজ্য সভাৰ সাংসদে পদত্যাগ কৰিছে। জ্যেষ্ঠ নেতা সুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্য সভাৰ সাংসদ পদ ত্যাগ কৰাৰ পাছত বুধবাবে সুস্মিতা দেবেও পদত্যাগ কৰে। বৃহস্পতিবাৰে প্ৰকাশ চিক বাৰিকে ৰাজ্য সভাৰ সাংসদৰ পদ ত্যাগ কৰে। তদুপৰি অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা কোৱেল মল্লিকেও ৰাজ্য সভাৰ সদস্য পদৰ পৰা অব্যাহতি লয়।
আনহাতে, লোক সভাত কাকলী ঘোষ দস্তিদাৰৰ নেতৃত্বত টি এম চিৰ সাংসদ ইউছুফ পাঠান, সায়নী ঘোষ, মালা বয়সহ ১৯ গৰাকী সাংসদে বিদ্রোহী গোট গঠন কৰি মমতা বেনাৰ্জীৰ দলটোক বিপর্যয়ৰ দিশে ঠেলি দিয়ে। ইফালে, মমতা বেনাৰ্জীৰ সবাতোকৈ ঘনিষ্ঠ সাংসদ কল্যাণ বেনার্জীয়ে আজি হুংকাৰ দিয়ে যে টি এম টিত হয় তেওঁ থাকিব অথবা অভিষেক বেনার্জী থাকিব। টি এম চিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মমতাৰ ভতিজা অভিষেকক কল্যাণ বেনাৰ্জীয়ে 'আঁকোৰগোজ' আৰু 'অহংকাৰী' আখ্যা দিয়ে। সাংসদ বেনার্জীয়ে কয় যে অভিষেক বেনাৰ্জীয়ে নিজকে 'বজা' বুলি ভাবে। তেওঁৰ বাহিৰে দলত আন কোনো নেতা নাই বুলি অভিষেকে ভাবে। কল্যাণ বেনার্জীয়ে কয় যে টি এম চিৰ এজন জ্যেষ্ঠ সদস্য হিচাপে তেওঁৰো অধিকাৰ আছে।
ইফালে, কালি পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি ঋতব্রত বেনার্জীয়ে দাবী কৰে যে তেওঁৰ সৈতে যোগ দিয়া বিদ্রোহী বিধায়কৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি পাইছে। মুঠ ৮০ জন বিধায়কৰ যদি ৬৪ জনেই মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰে তেনেহ'লে বিধানসভাত প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ফৈদটো অপ্রাসংগিক হৈ পৰিব। আনহাতে, লোক সভা আৰু ৰাজ্য সভাতো মমতাৰ দলটোৰ ক্ষমতা হ্রাস পাইছে। আনহাতে, কংগ্ৰেছৰ সৈতে মমতা বেনাৰ্জীৰ দলটোৰ চামিলকৰণৰ বিষয়টো কংগ্ৰেছ আৰু টি এম চি উভয়ে অস্বীকাৰ কৰিছে। টি এম চিৰ সাংসদ অভিষেক বেনার্জী আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই চামিলকৰণৰ খবৰ 'সম্পূর্ণ ভিত্তিহীন' বুলি আখ্যা দিয়ে। ইফলে, টি এম চিৰ লোক সভাৰ সাংসদ সৌগত ৰয়ে মন্তব্য কৰে যে কংগ্ৰেছবে চামিল হ'লেহে বংগত মমতা বেনাৰ্জীৰ দলৰ পুনৰ উত্থান হ'ব। বর্তমান পৰিস্থিতিত দিশহাৰা হৈ পৰা মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছক পুনৰ উদ্ধাৰ কৰাত কি পদক্ষেপ লয়, সেয়া লক্ষণীয় হ'ব।