ডিজিটেল ডেস্ক: অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে কালিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ বার্ষিক পেৰেড অনুষ্ঠান।
৮৭ সংখ্যক চি আৰ পি এফৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰথমটো দিনৰ কার্যসূচীত উপস্থিত থাকি চি আৰ পি এফৰ সঞ্চালকপ্ৰধান জি পি সিঙে সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা প্ৰকল্পত চি আৰ পি এফৰ ডিজি পেৰেড অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পাছতে অহা ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মূল পেৰেড তথা সামৰণী অনুষ্ঠানত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব।
তিনিদিনীয়া এই কাৰ্যসূচীত চি আৰ পি এফৰ বিভিন্ন শাখাৰ ৮টা কনটিণ্টে অংশগ্রহণ কৰিব আৰু প্ৰায় ১৪০০ জোৱানে গ্ৰেণ্ড চেৰিমনিয়েল মাৰ্ছ পাষ্টত ভাগ ল'ব। পেৰেডৰ বিশেষ প্রদর্শনী অনুষ্ঠান জোৱানসকলে কঠিন পৰিস্থিতিত উগ্রপন্থীৰ সৈতে সংঘৰ্ষ কৰি দেশ আৰু নাগৰিকক সুৰক্ষা প্ৰদান কৰাৰ কৌশল প্ৰদৰ্শন কৰিব।
উল্লেখযোগ্য যে ১৯৩৯ চনত 'ক্রাউন ৰিপ্রেজেণ্টটিভ পুলিচ' হিচাপে গঢ় লৈ উঠা এই বাহিনীটোক স্বাধীনতাৰ পাছত ১৯৪৯ চনত চি আৰ পি এফ হিচাপে পুনৰ নামকৰণ কৰা হৈছিল। ১৯৫৯ চনৰ হট স্প্রিংছৰ আত্মবলিদানৰ পৰা আৰম্ভ কৰি কাচৰ ৰণত চৰ্দাৰ পোষ্টৰ বীৰত্ব গাথা আৰু ১৯৭১ চনৰ যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি চি আৰ পি এফে দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক সুদীর্ঘ ইতিহাস গঢ়ি তুলিছে।
ইফালে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এইবার্ষিকী পেৰেড আয়োজনৰ জৰিয়তে বাহিনীটোৱে অঞ্চলটোৰ সৈতে গভীৰ সম্পৰ্ক আৰু শান্তি-স্থিতিশীলতাৰ প্রতি অংগীকাৰৰ দায়বদ্ধতা বাহাল ৰখাত গুৰুত্ব আৰোপ কৰিছে।