ডিজিটেল ডেস্ক : বিশ্বত খাৰুৱা তেলৰ সংকটে পুনৰ গভীৰ ৰূপ লোৱাৰ আশংকা ক্রমাৎ বৃদ্ধি পাইছে। হৰমুজ প্রণালীত ইৰান আৰু আমেৰিকাৰ মাজত উত্তেজনা চলি আছে আৰু পৰস্পৰক কৰা আক্ৰমণো অব্যাহত আছে। সেই সময়তে ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) দিয়া এটা ভাবুকিয়ে সমগ্র বিশ্বতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। আই আৰ জি চিয়ে বিশ্বলৈ খাৰুৱা তেলৰ যোগান বন্ধ কৰি দিয়াৰ ভাবুকি দিছে।
আই আৰ জি চিয়ে কয় যে হৰমুজ প্রণালীৰ আশে-পাশে মার্কিন সেনাৰ উপস্থিতিয়ে পৰিস্থিতি জটিল কৰি তুলিব আৰু সমগ্ৰ বিশ্বতে খাৰুৱা তেল আৰু গেছৰ যোগানত প্রচণ্ড বাধাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি কৰিডৰত উত্তেজনা অধিক বৃদ্ধি পাব পাৰে। আমেৰিকাই আই আৰ জি চিৰ সামৰিক ঠিকনাসমূহত কৰা আক্ৰমণৰ আৰু ইয়াৰ প্ৰত্যুত্তৰ দি মধ্য প্রাচ্যত থকা মার্কিন সামৰিক ঘাটিসমূহত আক্রমণ চলাই থকাৰ সময়তে আই আৰ জি চিয়ে এই ভাবুকি দিয়ে।
উল্লেখযোগ্য যে চলিত মাহত ইৰান আৰু আমেৰিকাৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা হৰমুজ প্রণালীৰে খাৰুৱা তেলৰ যোগান পুনৰ বাধাগ্ৰস্ত হৈছে। দুয়োপক্ষই পৰস্পৰক আক্ৰমণ কৰি আছে আৰু হৰমুজ প্রণালী এই সংকটৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই সাগৰীয় পথেৰে বিশ্বৰ প্রায় ২০% খাৰুৱা তেলৰ যোগান ধৰা হয়। ইৰানে হৰমুজ প্রণালীৰে পাৰ হোৱাৰ সময়ত বাণিজ্যিক জাহাজত আক্রমণ কৰিবলৈ লৈছে। কালিও দুখন জাহাজত আক্ৰমণ কৰা হয়। ইয়াৰ ফলত বিশ্বৰ বজাৰলৈ খাৰুৱা তেলৰ যোগান দীর্ঘদিনলৈ ব্যাহত হোৱাৰ আশংকা কৰা হৈছে।
ইৰানৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানত প্রকাশ পোৱা এটা বিবৃতিত আই আৰ জি চিয়ে কয়, 'অহৰহ হস্তক্ষেপৰ ফলত বিশ্বৰ তেল আৰু গেছ খণ্ডত ডাঙৰ ঘটনা ঘটিব পাৰে।' ইয়াত লগতে কোৱা হৈছে যে হৰমুজ প্রণালীত আমেৰিকাৰ সামৰিক হস্তক্ষেপ বন্ধ কৰাটোহে জাহাজৰ চলাচল স্বাভাৱিক কৰাৰ একমাত্ৰ উপায়। ইয়াৰ লগতে এইবুলিও সতৰ্ক কৰি দিয়া হৈছে যে আমেৰিকাৰ পদক্ষেপৰ ফলত বিশ্বৰ শক্তিৰ বজাৰত অস্থিৰতা বৃদ্ধি পাব পাৰে। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ বিৰুদ্ধে মার্কিন সেনা বাহিনীৰ নেতৃত্বৰ নৌসেনাৰ অৱৰোধ পুনৰ আৰম্ভ কৰাৰ কথা পুনৰ ঘোষণা কৰে। তেওঁ লগতে হৰমুজ প্রণালীৰে পাৰ হোৱা প্ৰতিখন জাহাজৰ পৰা ২০% অহা-যোৱা কৰ আৰোপ লোৱাৰ কথাও কয়। তেওঁ কয় যে হৰমুজ প্রণালীৰে পাৰ হোৱা জাহাজসমূহৰ সুৰক্ষা দিয়াৰ বিনিময়ত এই কৰ আদায় কৰা হ'ব। ট্রাম্পে কয় যে জাহাজ চলাচলৰ বিশ্বৰ আটাইতকৈ ব্যস্ত সামুদ্রিক পথটোৰ সুৰক্ষাৰ বিনিময়ত আমেৰিকাই ক্ষতিপূৰণ লাভ কৰা উচিত। ইফালে ট্রাম্পৰ ২০% কৰ আৰোপৰ প্ৰস্তাৱ ইৰানে পোনছাতেই অগ্রাহ্য কৰে।
ইৰানৰ বিদেশ মন্ত্রী আব্বাছ অৰাঘচীয়ে আমেৰিকাৰ এই প্ৰস্তাৱক বিদ্রূপ কৰি কয় যে ২০% মাচুল অত্যধিক হৈছে। তেওঁ লগতে কয় যে হৰমুজ প্রণালীৰে পাৰ হোৱা জাহাজ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভবিষ্যতে যিকোনো ব্যৱস্থাত ইৰান নিৰপেক্ষ হৈ থাকিব।
উল্লেখযোগ্য যে ইৰানে বাৰম্বাৰ হৰমুজ প্রণালী দেশখনৰ সাৰ্বভৌম অধিকাৰ বুলি দাবী কৰি আহিছে। আমেৰিকাই এই আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথটোত একপক্ষীয়ভাৱে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা বুলি ইৰানে অভিযোগ কৰে।