ধোনিৰ দলৰ বিৰুদ্ধে কপিৰাইট উলংঘাৰ অভিযোগ, আই পি এল আৰম্ভহোৱাৰ আগে আগে সংকটত চি এছ কে

dainik janambhumi March 15, 2026

ডিজিটেল ডেস্ক: আই পি এল আৰম্ভহোৱাৰ আগে আগে পাঁচবাৰ চেম্পিয়ন দল চেন্নাই ছুপাৰ কিংছ (চি এছ কে) এক সংকটৰ সন্মুখীন হৈছে। কপিৰাইট উলংঘাৰ অভিযোগত মহেন্দ্ৰ সিং ধোনিৰ দলটোৰ বিৰুদ্ধে ছান টি ভি নেটৱৰ্ক লিমিটেডে মাদ্রাজ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে। 

আই পি এলৰ ফ্রেঞ্চাইজীটোৰ বিৰুদ্ধে কৰা অভিযোগ অনুসৰি ছ'চিয়েল মিডিয়াত নিজৰ কনটেন্ট প্রমোট কৰাৰ কাৰণে জেইলৰ, জেইলৰ-২ আৰু কুলীৰ দৰে চিনেমাৰ সংগীত তথা ডাইলগ আৰু নেপথ্য সংগীত অবৈধভাৱে ব্যৱহাৰ কৰিছে। যোৱা ১ মাৰ্চত দলটোৰ জাৰ্ছী মুকলি কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প'ষ্ট কৰিছিল আৰু ইয়াত বিশেষকৈ ধোনিৰ আগমনৰ সময়ত ৰজনীকান্তৰ চিনেমাৰ অডিঅ' ট্রেক ব্যৱহাৰ কৰিছিল। 


ছান টি ভি নেটৱৰ্কে কৰা অভিযোগ মতে, চি এছ কেই দক্ষিণ ভাৰতত ৰজনীকান্ত আৰু অনিৰুদ্ধ ৰবিচন্দৰ সংগীতৰ জনপ্রিয়তাৰ সুযোগ লৈ নিজৰ ২,৩৯৯ টকা মূল্যৰ জাৰ্ছী আৰু আন সামগ্ৰীৰ বিক্ৰী বৃদ্ধিৰ বাবে তেওঁলোকৰ সংগীত তথা ডাইলগ ব্যৱহাৰ কৰিছে। অৱশ্যে চি এছ কেই ভিডিঅ'টোক লৈ বিতর্ক হোৱাৰ লগে লগে সামাজিক মাধ্যমত দিয়া প'ষ্টটো আঁতৰাই।

Share This