গৃহভূমিত ৪বাৰ পৰাজিত চি এছ কে

dainik janambhumi April 27, 2025

ডিজিটেল ডেস্ক : চেন্নাই ছুপাৰ কিংছৰ (চি এছ কে) আই পি এলত এইবাৰেই প্ৰদৰ্শন আটাইতকৈ হতাশাজনক। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বৰ দলটোৱে এইবাৰৰ আই পি এলত এতিয়ালৈকে খেলা ৯খন মেচৰ সাতখনতে পৰাজিত হৈছে। পইণ্টৰ তালিকাত চি এছ কে এইবাৰ অন্তিম স্থানত আছে। দলটোৱে প্লে' অফত খেলাৰ সম্ভাৱনা প্রায় নাই। বিগত কেই সপ্তাহমানত চি এছ কে পইণ্টৰ তালিকাত একেটা স্থানতে আছে। পূৰ্বৰ পাঁচবাৰৰ চেম্পিয়ন দলটোৰ প্ৰদৰ্শন এইবাৰ আনকি নিজৰ ঘৰত অৰ্থাৎ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামতো অতি শোচনীয়। দলটোৱে নিজৰ ঘৰুৱা ষ্টেডিয়ামত এইবাৰে একেৰাহে চাৰিখন মেচত পৰাজিত হোৱাৰ অবাঞ্ছিত অভিলেখ গঢ়ে। 

দলটোৱে এইবাৰ নিজৰ ঘৰুৱা ষ্টেডিয়ামাত মাত্র এখন মেচতহে জয়লাভ কৰিছে। এই মেচখনত মুম্বাই ইণ্ডিয়ানছক চাৰি উইকেটত পৰাজিত কৰিছিল। উল্লেখযোগ্য যে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামাত চি এছ কেক পৰাজিত কৰাটো ইমান সহজ নাছিল, কিন্তু এইবাৰ এই পৰম্পৰা বিধ্বস্ত হয়। শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমবাৰৰ বাবে চি এছ কে পৰাজিত হয়। ইয়াৰ আগতে দিল্লী কেপিটেলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চি এছ কেক নিজৰ ঘৰুৱা খেলপথাৰত পৰাজিত কৰে। দিল্লীয়ে চেন্নাইত চি এছ কেক ১৫ বছৰৰ পাছত, আনহাতে বেংগালুৰুৱে ১৭ বছৰৰ পাছত পৰাজিত কৰে। চি এছ কেই এম এ চিদাম্বৰম ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ইতিহাসত সর্বনিম্ন ১০৩ ৰান কৰে। 

উল্লেখযোগ্য যে কোনো আইপি এলৰ যিকোনে সংস্কৰণত চি এছ কে নিজৰ ঘৰুৱা ষ্টেডিয়ামত প্ৰথমবাৰলৈ একেৰাহে চাৰিখন মেচত পৰাজিত হোৱাৰ গ্লানি বহন কৰিবলগীয়া হৈছে। শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাইক নিজৰ ঘৰুৱা ষ্টেডিয়ামত ৫ উইকেটৰ ব্যৱধানত পৰাজিত কৰে। মন কৰিবলগীয়া যে পূৰ্বৰ পাঁচবাৰৰ চেম্পিয়ন দলটো এইবাৰ পইণ্টৰ তালিকাত একেবাৰে শেষৰ স্থানতহে আছে। ইয়াৰ আগতে চি এছ কেৰ বাবে আটাইতকৈ হতাশাজনক বর্ষ আছিল ২০০৮। সেইবাৰ দলটো সাত মেচৰ চাৰিখনত পৰাজিত হৈছিল। 

আনহাতে, ২০১২ বর্ষত চি এছ কে ১০খন মেচৰ চাৰিখনত পৰাজিত হৈছিল। এইবাৰ এতিয়ালৈকে খেলা ৯খন মেচৰ ৭খনতে পৰাজিত হৈছে। উল্লেখযোগ্য যে শুকুৰবাৰৰ মেচখনত চেন্নায়ে প্রথমে বেটিং কৰি ১৯.৫ অ'ভাৰত সকলো উইকেট হেৰুৱাই ১৫৪ ৰান কৰে। ডেৱাল্ড ব্রেভিছে ৪২ আৰু আয়ুষ মহাত্রেই ৩০ ৰান কৰে। প্ৰত্যুত্তৰত ছান ৰাইজাৰ্ছ হায়দৰাবাদে ১৮.৪ অ'ভাৰত পাঁচটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ঈশান কিষাণে ৪৪ আৰু কামিণ্ডু মেণ্ডিছে ৩২ ৰান কৰে।

Share This