ডিজিটেল ডেস্ক : জনসংখ্যাৰ দিশেৰে ক্ষুদ্রতম দেশ কিউৰেচাৱে বিশ্ব কাপ ফুটবললৈ যোগ্যতা আহৰণ কৰিছে। কিছু দিন আগেয়ে বিশ্ব কাপ ফুটবললৈ যোগ্যতা আহৰণ কৰি চমক দিছিল ৫ লাখ ৫০ হাজাৰ জনসংখ্যাৰ ৰাষ্ট্ৰ কেপ ভার্ডেই। সেই অভিলেখ এইবাৰ অতিক্রম কৰিলে কিউৰেচাৱে।
১ লাখ ৫০ হেজাৰ জনসংখ্যাৰ উক্ত দেশখনে অহা বছৰ বিশ্ব কাপ খেলিব। মঙলবাৰে নিশা জামাইকাৰ বিৰুদ্ধে গ'লশূন্য ড্ৰৰে খেল সামৰি কিউৰেচাৱে বিশ্ব কাপৰ বাবে যোগ্যতা অর্জন কৰে। কন্টিনেন্টেল কোৱালিফায়িঙত অপৰাজিত থাকি বিশ্ব কাপলৈ পাৰপত্ৰ লাভ কৰে কিউৰেচাৱে। পাৰিবাৰিক কাৰণত ঘৰলৈ উভতি যোৱাৰ বাবে তেওঁলোকৰ প্ৰশিক্ষক ডিক আডভোকাট ডাগআউটত নাছিল। প্রশিক্ষক অবিহনেই ইতিহাস ৰচিলে কিউৰেচাৱে।
ইফালে, কনকাকাফৰ পৰা বিশ্ব কাপলৈ যোগ্যতা আহৰণ কৰিছে পানামা আৰু হাইতিয়ে। ইয়াৰ আগেয়ে ক্ষুদ্রতম দেশ হিচাপে বিশ্ব কাপ খেলাৰ ৰেকৰ্ড আছিল আইচলেণ্ডৰ। ২০১৮ বিশ্ব কাপত খেলিছিল চাৰে তিনি লাখ জনসংখ্যাৰ এই দেশখনে।