ঘূর্ণী বতাহত টাইৱানত ১৭জন নিহত

dainik janambhumi September 25, 2025

ডিজিটেল ডেস্ক : চলিত বৰ্ষত বিশ্বৰ আটাইতকৈ শক্তিশালী ঘূর্ণী বতাহ ৰাগাছাই চীনৰ দক্ষিণ অঞ্চলৰ নগৰ য়াংজিয়াঙত খুন্দা মাৰে। ইয়াৰ আগেয়ে এই ঘূর্ণী বতাহৰ প্ৰভাৱৰ ফলত টাইৱানত ১৭জন লোকে প্রাণ হেৰুৱায় আৰু হংকঙত এই ঘূর্ণী বতাহে তীব্ৰ বতাহ-বৰষুণৰ সৃষ্টি কৰে।

সম্প্ৰতি ই গুৱাংঝোপ্ৰদেশৰ মাওমিং নামৰ চীনৰ বৃহত্তম তেল শোধনাগাৰলৈ গতি কৰিছে। টাইৱানত ঘূর্ণী বতাহ ৰাগাছাৰ ফলত ১৭জন লোক সন্ধানহীন হয়। ইফালে, এজন বিশেষজ্ঞই জলবায়ুৰ পৰিৱৰ্তনৰ ফলত অধিক শক্তিশালী ঘূর্ণী বতাহে দক্ষিণ চীনক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে বুলি সতর্কবাণী দিছে। হংকঙত ৰাগাছাৰ বাবে হোৱা বৰষুণৰ ফলত বাট-পথ, উপকূল অঞ্চল, হোটেল বানৰ কবলত পৰিছে। লগতে আৱাসিক অঞ্চলো জলমগ্ন হৈছে।

Share This