ডিজিটেল ডেস্কঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে কয় যে দেওবাৰে নিশা বংগোপসাগৰৰ দক্ষিণ-পশ্চিমত ঘূর্ণী বতাহ ম'ন্থাৰ প্রাবল্য বৃদ্ধি পাইছে। ই উত্তৰ-পশ্চিম দিশলৈ ভাৰতৰ পূব উপকূলৰ ফালে গতি কৰাৰ সম্ভাৱনা আছে।
মঙলবাৰৰ পুৱালৈ ই 'প্রবল' ঘূর্ণী বতাহলৈ ৰূপান্তিৰত হোৱাৰ আশংকা আছে। মঙলবাৰে সন্ধিয়া বা নিশা এই ঘূর্ণী বতাহ অন্ধ্র প্রদেশৰ মাচিলিপটনম আৰু কলিংগপটনামৰ মাজত খুন্দা মাৰিব। ম'স্থাই উপকূলত খুন্দা মৰাৰ সময়ত ঘণ্টাত ৯০-ৰ পৰা ১১০ কিল'মিটাৰ বেগেৰে বতাহ বলাৰ আশংকা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অন্ধ্র প্রদেশৰ ২৬খন জিলাৰ ২৩খনলৈকে প্রবল বৰষুণ, তীব্র বেগৰ ধুমুহা আৰু বানৰ বাবে ৰে'ড আৰু অৰেঞ্জ এলার্ট ঘোম্পা কৰিছে। সষ্টম ওড়িশা: ঘূর্ণী বতাহ ম'ন্থাৰ বাবে ওড়িশা চৰকাৰে ৰে'ড এলার্ট ঘোষণা কৰা ৰাজ্যখনৰ দক্ষিণৰ জিলাসমূহৰ কিছু ঠাইৰ পৰা সোমবাৰে মানুহ আঁতৰোৱাৰ কাম আৰম্ভ কৰে। ৰাজ্যখনত এন ডি আৰ এফ, অ' ডি আৰ এ এফ আদিকে ধৰি ১২৮টা উদ্ধাৰকাৰী গোটে (৫০০০তকৈ অধিক জোৱান) ৰাজ্যখনৰ ৮খন জিলাত অবস্থান গ্রহণ কৰিছে। উল্লেখযোগ্য যে ম'স্থা নামটো হৈছে থাই ভাষাৰ। ইয়াৰ অৰ্থ হৈছে ফুল।