সংকটত দামোদৰদেৱ আতা বালিসত্ৰ

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক: অসমৰ জাতীয় জীৱনৰ স্বাভিমানস্বৰূপ তথা সেৱাৰ থলী সত্ৰসমূহৰ একাংশ সত্ৰই আজি অস্তিত্বৰ সংকটত ভুগিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ভুল আৰু সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৱস্থিত কিছুমান সত্ৰৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকি।

মহাপুৰুষসকলৰ লগতে আতাপুৰুষসকলৰ স্মৃতি বিজড়িত কিছুমান সত্ৰৰ বৰ্তমানৰ অৱস্থাক কেন্দ্ৰ কৰি এইদৰে গভীৰ উদ্বেগ প্রকাশ কৰিছে খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে। সংগঠনটোৱে অসমৰ কিছুমান সত্ৰৰ দুখ লগা অৱস্থাৰ বাবে উদ্বেগ প্রকাশ কৰাৰ লগতে নগাঁৱৰ চাৰিশ বছৰীয়া দামোদৰদেৱ আতা বালি সত্ৰৰ উদাহৰণ দাঙি ধৰে। উক্ত সত্ৰখনৰ অস্তিত্ব গভীৰ সংকটত বুলি উল্লেখ কৰাৰ লগতে সত্ৰখনৰ ভূমি অন্য ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানৰ নামত আবণ্টন দিয়া বুলি অভিযোগ উত্থাপন কৰে। 

খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে উত্থাপন কৰা অভিযোগ অনুসৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত এইখন সত্ৰৰ মাটি অন্য ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানৰ নামত আবণ্টন দিয়া হৈছিল। ইয়াৰ ফলত সত্ৰখনৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হয়। খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ প্ৰচাৰ সচিব যুগান্ত বায়নে কয় যে ১৬৫০ চনতে দামোদৰদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰখন কিছুদিন আগলৈকে অটব্য হাবি-বননিৰে ভৰি আছিল। ৰাতিতো বাদেই, দিনতেই সত্ৰখনলৈ যাবলৈ ৰাইজ আতংকিত হৈছিল। অচিনাকি লোকৰ আগ্ৰাসনৰ বাবে সত্ৰখনলৈ সংকট নামি আহিছে। 

বর্তমান অসম চৰকাৰে সত্ৰসমূহৰ প্ৰতি এক শক্তিশালী নীতি আৰু পদক্ষেপ গ্ৰহণ কৰাৰ ফলত অতি সম্প্রতি এই সত্ৰখন কিছু পৰিমাণে উজ্জীৱিত হৈ পৰিছে। এতিয়া ৰাইজে সত্ৰখনৰ পৰম্পৰাগত কাম-কাজসমূহ সম্পাদন কৰি আহিছে যদিও এচাম অচিনাকি লোকৰ আগ্রাসনৰ বাবে সঘনে সত্ৰখনত চোৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে। খিলঞ্জীয়া সুৰক্ষা বাহিনীয়ে গভীৰ আক্ষেপ প্ৰকাশ কৰি কয় যে সত্ৰখনৰ অমূল্য সম্পদসমূহ দাঁতিকাষৰীয়া লোকৰ ঘৰত থ'বলগীয়া হৈছে। বালি সত্র গাঁওখনত পূৰ্বতে গাৰো সম্প্ৰদায়ৰ লোকে বাস কৰিছিল। পৰৱৰ্তী সময়ত অচিনাকি লোকৰ আগ্ৰাসন আৰু বিভিন্ন সামাজিক কাৰণত এই খিলঞ্জীয়া লোকসকল গাঁওখনৰ পৰা আঁতৰি যাব লগা হয়। ইয়াৰ পাছৰ পৰাই অচিনাকি সন্দেহযুক্ত লোকৰ বসতি বৃদ্ধি হোৱাৰ লগতে সত্ৰখনলৈ সংকট আৰু ভাবুকি নামি আহে। 

চৰকাৰী তথ্য আৰু স্থানীয় ৰাইজে অৱগত কৰা তথ্যৰ উদ্ধৃতি দি সুৰক্ষা বাহিনীয়ে কয় যে সত্ৰখনৰ নামত ৫৯০ বিঘা মাটি আছিল যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ইয়াৰ সৰহসংখ্যক মাটি চৰকাৰী অনুষ্ঠানৰ নামত আবণ্টন দিয়াৰ লগতে অচিনাকি অন্য লোকৰ ধৰ্মীয় অনুষ্ঠানৰ নামতো আবণ্টন দি সত্ৰখনক মৃত্যুমুখলৈ ঠেলি দিছিল। 

কংগ্রেছ চৰকাৰৰ শিথিল ভূমি নীতিৰ বাবেই উক্ত অঞ্চলৰ একাংশ লোকে বৃহৎ ধনৰ আশাত অখিলঞ্জীয়া লোকৰ হাতত মাটিবোৰ বিক্ৰী কৰে আৰু ইয়াৰ ফলত অঞ্চলটোৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শ্ৰীশ্ৰীদামোদৰদেৱ আতা বালিসত্ৰখনৰ অস্তিত্ব আৰু নিৰাপত্তাৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে।

Share This