ডিজিটেল ডেস্ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত ভাৰতৰ শোচনীয় পৰাজয়ৰ পাছত দলটোৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ ৰণ-কৌশলক লৈ গভীৰ প্ৰশ্নৰ উদয় হৈছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে ভাৰতে নিজৰ দেশত সৰ্বাধিক ৰানৰ ব্যৱধানত পৰাজিত হয়। দক্ষিণ আফ্রিকাই বান্ধি দিয়া ২১৪ ৰানৰ লক্ষ্য আগত লৈ বেটিঙত নমা ভাৰতীয় দলে মাত্র ১৬২ ৰানতে সকলো উইকেট হেৰুৱাই ৫১ ৰানত পৰাজিত হয়। ভাৰতীয় দলৰ বলাৰসকলৰ শোচনীয় প্ৰদৰ্শনৰ লগতে পৰাজয়ৰ প্ৰধান কাৰণ বেটিং বিপর্যয়। দলটোৰ বেটাৰসকলৰ চৰম ব্যৰ্থতাৰ বাবে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ ৰণ-কৌশলক দায়ী কৰা হৈছে। গম্ভীৰে অলপতে এই বুলি কৈছিল যে বগা বলৰ ক্ৰিকেটত বেটিং ক্রমক অনর্থক সর্বাধিক গুৰুত্ব দিয়া হয়।
উল্লেখযোগ্য যে গম্ভীৰে পূৰ্বতে কেইবাবাৰো উল্লেখ কৰিছে যে অপেনাৰ দুজনক বাদ দি প্ৰতিজন বেটাৰে যিকোনো স্থানত খেলিবলৈ সাজু থাকিব লাগে। বৃহস্পতিবাৰৰ মেচখনতো সেয়াই দেখা পোৱা গ'ল যি দলৰ বাবে বিপর্যয় মাতি আনে। গম্ভীৰৰ এই কৌশলৰ ফল স্পষ্টভাৱে কালিৰ মেচখনত পৰে। একেৰাহে ব্যর্থ হোৱা শুভমন গীলক বৃহস্পতিবাৰে পুনৰ ইনিংছ মুকলি কৰিবলৈ পঠিওৱা হয় আৰু তেওঁ প্ৰথমটো বলতে শূন্যতে আউট হয়। সাধাৰণতে নিম্ন ক্ৰমত খেলা অক্ষৰ পেটেলক তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ পঠিওৱা হয় আৰু তেওঁৰ চাপৰ মাজত খেলি ২১টা বলত ২১ ৰান কৰি বিদায় লয়। ইয়াৰ প্ৰভাৱ মেছত পৰে। সাধাৰণতে তিনি নম্বৰ স্থানত খেলা সূর্যকুমাৰ যাদৱক পঠিওৱা হয় চাৰি নম্বৰত বেট ধৰিবলৈ আৰু তেওঁ বৃহস্পতিবাৰে সফল হ'ব নোৱাৰিলে। আগৰ মেচখনত তিনি নম্বৰ স্থানত বেটিং কৰা তিলক বাৰ্মাক পঞ্চম স্থানত বেটিং কৰিবলৈ পঠিওৱা হয়। তেওঁ দলৰ আন বেটাৰসকল ব্যর্থ হোৱাৰ সময়তে ৬২ ৰানৰ এটা ইনিংছ খেলে, কিন্তু তেতিয়ালৈ বহুত পলম হৈ যায়। ইফালে বিস্ফোৰক বেটাৰ শুভম ডুবেক অষ্টম স্থানত বেটিং কৰিবলৈ প্ৰেৰণ কৰাৰ ফলো দলে ভোগ কৰে আৰু তেওঁ মাত্র এক ৰানহে গোটায়। বৃহস্পতিবাৰৰ মেচখনত ভাৰতীয় বেটিঙৰ ভেটিত যিধৰণৰ জোকাৰণিৰ সৃষ্টি হয় তাৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে বেটাৰসকলৰ সুস্থিৰতা আৰু আত্মবিশ্বাস সম্পূৰ্ণৰূপে ম্লান হৈ পৰে। প্ৰতিজন বেটাৰে এটা নতুন স্থান বেটিং কৰিবলগীয়া হয় আৰু সেয়েহে তেওঁলোকে নিজৰ স্বাভাৱিক খেল খেলিব পৰা নাছিল।
পাৱাৰপ্লেট উইকেটৰ পতন হোৱাৰ পাছতো কোনো এজন বিশেষজ্ঞ বেটাৰক নিজৰ স্বাভাৱিক স্থানত খেলিবলৈ প্ৰেৰণ কৰা নাছিল আৰু ইয়াৰ ফলত প্রয়োজন হোৱা ৰান ৰেট বৃদ্ধি পাবলৈ ধৰে ইয়াৰ লগে লগে নিয়মীয়া ব্যৱধানত উইকেট পতন ঘটিবলৈ ধৰে। গম্ভীৰৰ ৰণ-কৌশলক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে দলটোৰ আসন্ন টি-২০ বিশ্ব কাপৰ আগে দলটোৰ প্ৰদৰ্শনক লৈ উদ্বেগৰ সৃষ্টি হৈছে। ই দলটোৰ বাবে বিপদ ঘণ্টা বুলি কোৱা হৈছে। উল্লেখযোগ্য যে গম্ভীৰৰ পৰীক্ষা-নিৰীক্ষা একেৰাহে ব্যৰ্থ হৈছে। ইয়াৰ নেতিবাচক প্ৰভাৱ দলটোত পৰিছে।