শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ

Kakali Deka July 07, 2025

ডিজিটেল ডেস্ক :  শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ গোজকটাৰ দিখৌ নদীৰ পানী যুঁৱলিত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো দিখৌ নৈত বন্ধুৰ সৈতে সাঁতুৰিবলৈ গৈ সন্ধানহীন হোৱা আনজন কিশোৰ ছাত্ৰৰ বুলি সন্দেহ কৰা হৈছে।

বিগত ৩০ জুন তাৰিখে সমনীয়া বন্ধুৰ সৈতে চেৰেকাপাৰৰ হাতীমূৰীয়া গাঁৱৰ দিখৌ নদীৰ ঘাটত সাঁতুৰিবলৈ গৈ সন্ধানহীন হৈছিল গধুলা ব্ৰাউন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ পূৰব কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি।

বিগত ৩ জুলাই তাৰিখে পূৰব কাশ্যপ দত্ত নামৰ ছাত্ৰজনৰ মৃতদেহ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ নামদাং মুখ অঞ্চলৰ কাষৰ দিখৌ নদীত উদ্ধাৰ হৈছিল যদিও আনজন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাছিল ।

আজি পুৱা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ গোজকটা অঞ্চলৰ কাষেৰে বৈ যোৱা দিখৌ নদীৰ পানী যুঁৱলিত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে মৃতদেহটো সন্ধানহীন ছাত্ৰ ঐশ্বৰিক ৰংমন মেধিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে এছ ডি আৰ এফ বাহিনী মৃতদেহ উদ্ধাৰৰ বাবে উক্ত স্থানলৈ ৰাওনা হৈছে।

মৃতদেহ চিনাক্তকৰণৰ বাবে ছাত্ৰজনৰ পৰিয়ালৰ লোকো মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ ৰাওনা হৈছে।

Share This