ডিজিটেল ডেস্ক ::সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানক এসেকা দিয়াৰ বাবে যোৱা বছৰ ভাৰতে চলোৱা 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত শত্রু দেশখনত নৌ আক্রমণৰো আঁচনি লোৱা হৈছিল। সাগৰৰ পৰা পাকিস্তানত আক্ৰমণৰ সকলো পৰিকল্পনা কৰা হৈছিল যদিও শেষত কেইমিনিটমান পূর্বে সিদ্ধান্ত সলনি কৰি পাকিস্তানত নৌ আক্ৰমণ কৰা নহ'ল।
এই কথা প্রকাশ কৰে ভাৰতৰ নৌ সেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্রিপাঠীয়ে। মুম্বাইত বুধবাৰে নৌ সেনাৰ এটা অনুষ্ঠানত ভাগ লৈ তেওঁ 'অপাৰেশ্যন সেন্দূৰ' অভিযানক প্রশংসা কৰি কয় যে এই অভিযানে ভাৰতীয় নৌ সেনাৰ সংকল্পক প্রতিফলিত কৰে। ভাৰতে অহর্নিশে কৰি থকা আক্ৰমণ বন্ধ কৰাৰ বাবে পাকিস্তানে কৰা অনুৰোধৰ মাত্ৰ কেইমিনিটমান পূৰ্বে ভাৰতীয় নৌ সেনাই সাগৰৰ পৰা শত্রু ৰাষ্ট্ৰখনত আঘাত হনাৰ সিদ্ধান্ত লৈছিল।
পাকিস্তানৰ অনুৰোধৰ সময়ত ভাৰতীয় নৌ সেনাই দেশখনত আক্ৰমণ চলোৱাৰ পৰা মাত্ৰ কেইমিনিটমানৰহে দূৰত আছিল বুলি ত্রিপাঠীয়ে প্রকাশ কৰে। উল্লেখযোগ্য যে পহলগামত চলোৱা সন্ত্রাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে যোৱা বছৰ ৭ মে'ত পাকিস্তানৰ বিৰুদ্ধে 'অপাৰেশ্যন সেন্দূৰ' আৰম্ভ কৰিছিল।