ভাৰত-নডিক ৰাষ্ট্ৰসমূহৰ শীৰ্ষ সন্মিলনৰ সিদ্ধান্ত, 'সন্ত্রাসবাদক লৈ আপোচ নহ'ব'

dainik janambhumi May 20, 2026

ডিজিটেল ডেস্ক: সন্ত্রাসবাদক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট স্থিতি গ্রহণ কৰি কয় যে এই বিষয়টোত কোনো ধৰণৰ আপোচ কৰা নহয় আৰু দুমুখীয়া নীতিক স্বীকাৰ কৰা নহয়। নৰৱেত অনুষ্ঠিত ভাৰত-নর্ডিক শীর্ষ সন্মিলত প্রধানমন্ত্রী মোদীয়ে ভাৰত আৰু নর্ডিক দেশসমূহৰ মাজত শক্তিশালী হ'বলৈ ধৰা সম্পর্ক, বিশ্বত শান্তি, সন্ত্রাসবাদ, বহুত্ববাদ আৰু নতুন প্রযুক্তিৰ সম্পৰ্কত বিতংভাৱে নিজৰ মত দাঙি ধৰে। প্রধানমন্ত্রীয়ে কয় যে ভাৰত আৰু নর্ডিক দেশসমূহ স্বাভাৱিক সহযোগী আৰু উভয়ে অগ্ৰাধিকাৰ দিয়া বিষয়সমূহৰ ভিতৰত প্ৰযুক্তিও আছে। তেওঁ কয় যে ভাৰত আৰু নর্ডিক দেশসমূহৰ মাজত বাণিজ্য চাৰি গুণ বৃদ্ধি পাইছে আৰু যোৱা এটা দশকত ভাৰতত নর্ডিকৰ বিনিয়োগ ২০০ শতাংশ বৃদ্ধি পাইছে। 

শীর্ষ সন্মিলনৰ পাছত এখন সংবাদমেলত প্রধানমন্ত্রীয়ে কয়, 'সন্ত্রাসবাদক লৈ আমাৰ স্পষ্ট আৰু ঐক্যবদ্ধ স্থিতি-কোনো ধৰণৰ আপোচ কৰা নহ'ব। দুমুখীয়া নীতি গ্রহণ কৰা নহ'ব।' বিশ্বত চলি থকা সংঘৰ্ষসমূহৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ইউক্রেইন যুদ্ধই হওক বা মধ্যপ্রাচ্যই হওক ভাৰতে শান্তি আৰু সংঘৰ্ষৰ শীঘ্ৰে সমাধানৰ বাবে চলোৱা প্রচেষ্টাক সমৰ্থন কৰি যাব। তেওঁ কয় যে বর্তমান বিশ্ব পর্যায়ৰ উত্তেজনাৰ যুগত ভাৰত আৰু নর্ডিক দেশসমূহে নিয়ম ভিত্তিক বিশ্ব ব্যৱস্থা শক্তিশালী কৰাৰ বাবে একেলগে মিলি কাম কৰি যাব। প্রধানমন্ত্রী মোদীয়ে কয় যে নর্ডিক আৰু ভাৰতৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰা হ'ব। তেওঁ কয় যে ভাৰত আৰু নৰ্ডেক দেশসমূহৰ মাজত গৱেষণা আৰু উদ্ভাৱনত সহযোগ উভয়ৰ সহযোগিতাৰ গুৰুত্বপূৰ্ণ ভেটি হৈ পৰিছে। দুয়ো পক্ষই বিশ্ববিদ্যালয়সমূহ, গৱেষণাগাৰ আৰু ষ্টার্টআপ ইক' ছিষ্টেমত সহযোগিতা আৰু অধিক শক্তিশালী কৰিব বুলি তেওঁ কয়। ইয়াৰ লগতে উত্তৰ মেৰু তথা ধ্রুবীয় গৱেষণাৰ ক্ষেত্ৰখনতো সহযোগিতা গভীৰ কৰাৰ বাবে ভাৰত আৰু নর্ডিক দেশসমূহে সন্মতি জনোৱা বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত আৰু নর্ডিক দেশসমূহৰ মাজত দক্ষতা বিকাশ আৰু প্ৰতিভাৰ আদান-প্রদানৰ নতুন সুযোগৰ বিকাশ সাধন কৰা হ'ব। প্রধানমন্ত্রী মোদীয়ে কয় যে শীর্ষ সন্মিলনত সুস্থিৰতা, উদ্ভাৱন, নির্মল শক্তি, উদীয়মান প্রযুক্তি, ব্লু ইক'নমি আৰু সমৃদ্ধ ভৱিষ্যতৰ বাবে সহযোগিতা বৃদ্ধিৰ দৰে বিষয়সমূহক লৈ শীর্ষ সন্মিলনত বিশেষভাৱে আলোচনা কৰা হয়। তেওঁ কয় যে ভাৰত আৰু নর্ডিক দেশসমূহৰ মাজত সহযোগিতা অহৰহ গভীৰ আৰু অধিক গতিশীল হৈ পৰিছে, যি অনাগত সময়ত বিশ্বৰ বিকাশ আৰু সুস্থিৰতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ কয়, 'আমাৰ মাজৰ এই অনন্য কৌশলগত সহযোগিতা গঠনৰ সৈতে আমি ছুইডেনৰ উন্নত উৎপাদন আৰু প্ৰতিৰক্ষা, ফিনলেণ্ডৰ দূৰসংযোগ আৰু ডিজিটেল প্রযুক্তি আৰু ডেনমাৰ্কৰ ছাইবাৰ সুৰক্ষাকে ধৰি স্বাস্থ্য প্ৰযুক্তিত ভাৰতৰ প্ৰতিভাক সংযোজিত কৰা হ'ব যাতে সমগ্ৰ বিশ্বৰ বাবে বিশ্বস্ত সহযোগৰ বিকাশ কৰিব পাৰি। 

ইফালে বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শীর্ষ সন্মিলনৰ ৰুদ্ধদ্বাৰ বৈঠকত হোৱা আলোচনাৰ বিষয়ে প্রকাশ কৰি কয় যে বৈঠকত বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হয়। ইয়াৰ ভিতৰত উদ্ভাৱন, ডিজিটেল প্রযুক্তি, সৃষ্টিশীল অর্থ ব্যৱস্থা, উত্তৰ মেৰু অঞ্চলত সহযোগিতা আৰু উভয়ৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ দৰে বিষয়ক লৈ আলোচনা কৰা হয়। ইয়াৰ লগতে নেতাসকলে আঞ্চলিক আৰু বিশ্বপৰ্যায়ৰ বিভিন্ন বিষয়ক লৈও আলোচনা কৰে।

Share This