ডিজিটেল ডেস্ক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ড° দীপক মিট্টালক ইউনাইটেড আৰব এমিৰেটছত (ইউ এ ই) ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিছে। ১৯৯৮ বৰ্ষৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়া মিট্টালে ইয়াৰ পূৰ্বে প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ২০২০-২২ বর্ষত কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিব লগীয়া সঞ্জয় সুধাৰৰ স্থলাভিষিক্ত হ'ব। মিট্টালে তালিবানৰ সৈতে ভাৰতৰ প্ৰথম আনুষ্ঠানিক সম্পর্ক স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল।