অসম ক্রিকেট সন্থাৰ অভিনন্দন, দীপজ্যোতিক এম এ চিদাম্বৰম ট্ৰফী প্ৰদান

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক: অসম সন্তান দীপজ্যোতি শইকীয়াক কালি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ (বি চি চি আই) বার্ষিক নমন বঁটা প্রদান অনুষ্ঠানত সন্মানজনক এম এ চিদাম্বৰম ট্ৰফী প্রদান কৰা হয়। ২০২৪-২৫ বৰ্ষৰ ২৩ বছৰ অনূর্ধ্বৰ কর্নেল চি কে নাইডুট্ৰফীৰ প্লেট গ্ৰুপত সর্বাধিক উইকেট দখল কৰা দীপজ্যোতিক কালি এই ট্রফী প্রদান কৰা হয়। 

দীপজ্যোতিয়ে ২০২৪-২৫ বৰ্ষৰ চি কে নাইডু ট্ৰফীৰ প্লেট গ্ৰুপত অসমৰ হৈ খেলি ৬খন মেচত ২.৭৫ গড়ে ২৭টা উইকেট দখল কৰিছিল। দীপজ্যোতিয়ে অসমলৈ কঢ়িয়াই অনা এই গৌৰৱে ৰাজ্যখনৰ ক্ৰিকেট প্রেমীসকলক উৎফুল্ল কৰি তোলে। তেওঁক অসম ক্রিকেট সন্থাই (এ চি এ) অভিনন্দন জনাইছে। এ চি এৰ সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস আৰু এপেক্স কাউন্সিলৰ সদস্যসকলে দীপজ্যোতিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। 

ইফালে ভাৰতীয় এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক শুভমন গীলক পুৰুষৰ বৰ্ষশ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটাৰ আৰু স্মৃতি মান্ধানাক বর্ষশ্রেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ লগতে ২০২৪-ৰপৰা ২০২৬-ৰ সময়ছোৱাত আই চি চি প্রতিযোগিতাত চেম্পিয়ন হোৱা পাঁচোটা দলকো সন্মানিত কৰা হয়। ইয়াৰ ভিতৰত পুৰুষৰ টি-২০ বিশ্ব কাপ জয় কৰা দল দুটা, চেম্পিয়ন্‌ছ টুফী, মহিলাৰ বিশ্ব কাপ আৰু পুৰুষৰ ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপ জয় কৰা দলকেইটাও আছে। 

বঁটা বিতৰণী সমাৰোহত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা প্রাক্তন মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড় আৰু ১৯৮৩ চনত ভাৰতৰ বিশ্ব কাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰ'জাৰ বিন্নীক চি কে নাই ডু জীৱনজোৰা সাফল্যৰ বঁটাৰে সন্মানিত কৰা হয়। ভাৰতীয় মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়িকা মিতালী ৰাজলৈ মহিলাৰ বাবে বি চি চি আই জীৱনজোৰা সাফল্যৰ বঁটা আগবঢ়োৱা হয়।

Share This