ডিজিটেল ডেস্ক: অধিনায়ক অক্ষৰ পেটেল আৰু ডেভিদ মিলাৰৰ অর্ধ শতৰানৰ সহায়ত পঞ্জাব কিংছৰ বিৰুদ্ধে আই পি এলৰ কালিৰ খেলত দিল্লী কেপিটেলছে ৩ উইকেটত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে। এই জয়েৰে দিল্লীয়ে আই পি এলত প্লে' অফৰ ক্ষীণ আশা জীয়াই ৰাখিছে।
পোনতে বেট ধৰি পঞ্জাবে অধিনায়ক শ্রেয়াষ আয়াৰৰ অপৰাজিত ৫৯ আৰু প্রিয়াংশ আৰ্যৰ ৫৬ ৰানেৰে ৫ উইকেটত সংগ্ৰহ কৰিছিল ২১০ ৰান।
প্রত্যুত্তৰত দিল্লীয়ে এটা সময়ত ৭৪ ৰানতে ৪টা উইকেট হেৰুৱাই শ'লঠেকত পৰে। পিছে অক্ষৰ (৫৬) আৰু মিলাৰে (৫১) মিলি দলক সেই বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে। শেষৰ ফালে আশুতোষ শর্মা (২৪), মাধৱ তিৱাৰী (অপঃ ১৮), আকিব নবী দৰে (অপঃ ১০) দৃঢ়তাপূর্ণ বেটিঙেৰে দললৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই আনে।
দিল্লী কেপিটেলছে ১৯ অ'ভাৰত ৭টা উইকেট হেৰুৱাই ২১৬ ৰান কৰি পঞ্চম জয়ৰ মুখ দেখে। ইয়াৰে আগেয়ে অধিনায়ক শ্রেয়াষ আয়াৰ আৰু অ'পেনাৰ প্রিয়াংশ আৰ্যৰ অর্ধশতকৰ জৰিয়তে পঞ্জাব কিংছে ৫ উইকেটত ২১০ ৰান কৰিছিল। আর্য (৩৩ বলত ৫৬) আৰু প্ৰভছিমৰন সিঙৰ (১৮) মাজত প্রথম উইকেটত ৪১ বলত সংগৃহীত ৭৮ ৰানেৰে ভাল আৰম্ভণি কৰিছিল শতকেৰে। ইয়াৰ পাছত আয়াৰ (৩৬টা বলত অপঃ ৫৯) আৰু কুপাৰ কনলীয়ে (২৭ বলত ৩৮ ৰান) দলীয় স্ক'ৰ শক্তিশালী অৱস্থানলৈ তুলি নিয়াৰ দায়িত্ব পালন কৰে।
শেষৰ ফালে, সূর্যাংশ ছেজে ৮টা বলত অপৰাজিত ২১ ৰানৰ অৱদান যোগায়। দিল্লীৰ হৈ মিচেল ষ্টার্ক (২-৫৭) আৰু মাধৱ তিৱাৰীয়ে (২-৪০) দুটাকৈ উইকেটৰ পতন ঘটায়।