ছুপাৰ অ'ভাৰত জয়ী দিল্লী কেপিটেলছ

dainik janambhumi April 17, 2025

ডিজিটেল ডেস্ক : মিচেল ষ্টাৰ্কৰ দুৰন্ত বলিঙৰ সহায়ত চলিত আই পি এলৰ কালিৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ছুপাৰ অ'ভাৰত পৰাজিত কৰে দিল্লী কেপিটেলছে। ছুপাৰ অ'ভাৰত জয়ৰ বাবে ১২ ৰানৰ প্ৰয়োজন আছিল আৰু দিল্লী কেপিটেলছে সেয়া ৪টা বলতে অতিক্রম কৰে। তাৰ আগেয়ে দিল্লীৰ ৫ উইকেটত ১৮৮ ৰানৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছেও ৪টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰাত খেলখন টাই হয়। পোনতে বেট ধৰি দিল্লী কেপিটেলছে অভিষেক প'ৰেলৰ ৩৭টা বলত ৫টা চাৰি ১টা ছয় সম্বলিত ৪৯ ৰানৰ সহায়ত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৮৮ ৰান। 

দলীয় স্ক'ৰ ৩৪ ৰানত অ'পেনাৰ জেক ফ্ৰেজাৰ মেকগাৰ্ক (৯) আৰু কৰুণ নায়াৰ (০) পেভিলিয়নলৈ উভতিছিল। ইয়াৰ পাছত অভিষেকৰ উপৰি লোকেশ ৰাহুলে ৩৮, ডিষ্টান ষ্টাবছে অপৰাজিত ৩৪, অধিনায়ক অক্ষৰ পেটেলে ৩৪ আৰু আশুতোষ শর্মাই অবিজিত ১৫ ৰানৰ উল্লেখনীয় অৱদান আগবঢ়ায়। ৰাজস্থান ৰয়েলছৰ জুফ্ৰা আৰ্চাৰে সৰ্বাধিক দুটা উইকেট দখল কৰে। অসম সন্তান ৰিয়ান পৰাগে ১ অ'ভাৰত ছয় ৰান খৰচ কৰি কোনো উইকেট নাপালে। পৰৱৰ্তী সময়ত যশশ্বী জয়ছোৱাল (৫১) আৰু নীতিশ ৰানাৰ (৫১) অর্ধশতৰানৰ জৰিয়তে ৰাজস্থানে ৪ উইকেটত ১৮৮ ৰান কৰিছিল। অন্তিম অ'ভাৰত ৰাজস্থানক ৯ ৰানৰ প্ৰয়োজন আছিল যদিও ষ্টাকে মাথোঁ ৮ ৰানহে খৰচ কৰে।

Share This