দিল্লীত উচ্ছেদ অভিযানত বাধা, মছজিদ ভঙাৰ 'প'ষ্ট'! আক্রমণত আহত ৫ আৰক্ষী

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক: দেশৰ ৰাজধানী দিল্লীৰ ৰামলীলা ময়দানৰ কাষৰ ফৈজ-ই-ইলাহী মছজিদৰ কাষত মঙলবাৰে মাজনিশা বেদখল-বিৰোধী অভিযানৰ সময়ত ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটে।

এই ঘটনাত আৰক্ষীৰ কমেও পাঁচজন লোক আহত হয়। মঙলবাৰে মাজনিশা প্রায় ১২-৪০ বজাত উন্মত্ত হৈ পৰা ৩০-৩৫জনীয়া এটা দলে নিৰাপত্তা বেষ্টনী ভাঙি আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি দলিয়ায়। এই ঘটনাত আহত পাঁচজনৰ ভিতৰত চান্দনী মহল থানাৰ চিপাহী বিক্ৰমে মূৰত গুৰুতৰৰূপে আঘাত পায়। উন্মত্ত জনতাৰ দলটোৱে চৰকাৰী লাউড-হেলাৰ ছিঙি-ভাঙি পেলায় আৰু আৰক্ষীক কৰ্তব্যত বাধা দিয়ে। আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে কন্দুৱা গেছ প্রয়োগ কৰে আৰু বলপ্রয়োগ কৰি দলটোক তাৰ পৰা খেদি পঠিয়ায়। 

উল্লেখযোগ্য যে সামাজিক মাধ্যমত খালিদ মালিক নামৰ এজন লোকে দিয়া এটা প'ষ্টৰ পাছতে এই ঘটনা ঘটে। এই প'ষ্টটোত এইবুলি কোৱা হৈছিল যে বেদখল-বিৰোধী অভিযানৰ সময়ত মছজিদটোও উচ্ছেদ কৰা হ'ব। এই প'ষ্টটোত উচ্ছেদ অভিযানত বাধা দিয়াৰ বাবে বৃহৎসংখ্যক লোকক ঘৰৰ পৰা ওলাই আহিবলৈ আহবান জনোৱা হৈছিল। ইয়াৰ পাছত মছজিদৰ কাষত বৃহৎসংখ্যক লোক উপস্থিত হৈ দিল্লী পৌৰ নিগমৰ কৰ্মচাৰী আৰু আৰক্ষীক বাধা দিয়ে আৰু শিলগুটিৰ লগতে চিচাৰ বটল দলিয়াবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে এই ঘটনাত জড়িত থকাৰ অভিযোগত এজন নাবালকসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। এম চি ডিৰ উপায়ুক্ত বিবেক কুমাৰে জনোৱা মতে, অভিযানৰ সময়ত এটা ডায়'গ্নষ্টিক চেণ্টাৰ, বেংকুৱেট হল আৰু কেইখনমান দোকান উচ্ছেদ কৰা হয়। মছজিদটোৰ কোনো ক্ষতি হোৱা নাই বুলি তেওঁ লগতে প্রকাশ কৰে। 

উল্লেখযোগ্য যে মছজিদ কমিটীয়ে এম চি ডিৰ যোৱা ২২ ডিচেম্বৰৰ এটা নির্দেশক দিল্লী উচ্চ ন্যায়ালয়ত প্রত্যাহবান জনায়। এম চি ডিয়ে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে যে মছজিদৰ বাহিৰৰ ০.১৯৫ একৰ মাটি বেদখল কৰি ৰখা হৈছে আৰু এই ভূমিখিনি বেদখলমুক্ত কৰা হ'ব। উল্লেখযোগ্য যে দিল্লী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ১২ নৱেম্বৰত ৰামলীলা ময়দানৰ কাষৰ প্ৰায় ৩৮,৯৪০ বর্গফুট ভূমিত বেদখল উচ্ছেদ কৰাৰ নিৰ্দেশ দিছিল। 

আনহাতে, মছজিদ কমিটীৰ মতে, এই ভূমিখিনি ৱাক্‌ফ সম্পত্তি আৰু ৱাক্‌ফ ব'র্ডে লীজত লৈ থৈছে। ইফালে উচ্ছেদ অভিযানৰ পাছত আৰক্ষীয়ে তুর্কমান গেটৰ কাষত ফ্লেগমার্চ কৰে। ইয়াৰ আগতে এম চি ডিয়ে ৩২খন বুলড 'জাৰেৰে উচ্ছেদ অভিযান চলায়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আৰক্ষীক কৰা আক্ৰমণ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বিশেষ ষ্টাফ পৰিদৰ্শক পৰ্যায়ৰ এজন বিষয়াই ঘটনাৰ তদন্ত কৰি আছে। এই ঘটনাৰ পাছত মছজিদটোৰ চৌপাশে নিৰাপত্তা বৃদ্ধি কৰা হয়। ইফালে এম চি ডিৰ নির্দেশক প্রত্যাহবান জনাই মঙ্গলবাৰে দাখিল কৰা আৱেদনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে মঙ্গলবাৰে জাননী জাৰি কৰিছিল।

Share This