ডিজিটেল ডেস্ক : হিন্দু উত্তৰাধিকাৰী আইনৰ বিষয়ত দিল্লী উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। উচ্চ ন্যায়ালয়খনে কয় যে যদি পিতৃ-মাতৃ জীৱিত থাকে, তেনেহ'লে নাতি-নাতিনীসকলে ককাক-আইতাকৰ সম্পত্তিৰ অংশীদাৰ হিচাপে দাবী কৰিব নোৱাৰে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱৰে গঠিত এখন বিচাৰপীঠে কৃতিকা নামৰ এগৰাকী মহিলাই দাখিল কৰা সম্পত্তিৰ উত্তৰাধিকাৰী বিষয়ক এটা গোচৰৰ শুনানি লৈ এই ৰায় দিয়ে। আৱেদনখনত মহিলাগৰাকীয়ে তেওঁৰ স্বৰ্গগামী ককাকৰ পশ্চিম দিল্লীত থকা এটা সম্পত্তিৰ অংশ বিচাৰিছিল। আদালতখনে স্পষ্ট কৰি দিয়ে যে হিন্দু উত্তৰাধিকাৰী আইন, ১৯৫৬ৰ অধীনত এজন হিন্দু মৃতকৰ সম্পত্তি, উক্ত আইনৰ অনুসূচীৰ প্ৰথম শ্ৰেণীত নিৰ্ধাৰিত কৰাসকলহে উত্তৰাধিকাৰী হ'ব। এই প্রথম শ্রেণীত অন্তর্ভুক্ত থকাসকল হৈছে মৃত্যু হোৱা লোকসকলৰ পত্নী, পুত্র-কন্যা আৰু মাতৃ।
কিন্তু ইয়াত নাতি-নাতিনীসকল অন্তর্ভুক্ত হোৱা নাই। যিসকলৰ পিতৃ-মাতৃ এতিয়াও জীৱিত আছে, সেইসকল নাতি-নাতিনীয়ে ককাকৰ সম্পত্তিৰ অংশ দাবী কৰিব নোৱাৰে বুলি উচ্চ ন্যায়ালয়খনে ৰায় দিয়ে।