ডিজিটেল ডেস্ক: দিল্লীৰ বায়ুৰ মান অতি শোচনীয় হৈ পৰিছে। শনিবাৰে দেশৰ ৰাজধানী অঞ্চল আৰু দিল্লীৰ বায়ুৰ মান সূচকাংকই ৪০০ (অতি শোচনীয়) অতিক্রম কৰাৰ পাছতে ৰাজধানী অঞ্চলটোত 'গ্রেডেড ৰেচপন্স এক্সন প্লেন' (জি আৰ এ পি) ৪ৰ অধীনত বিভিন্ন কার্যব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ৰাষ্ট্ৰীয় ৰাজধানী আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ বায়ুৰ মানৰ অৱনতি ঘটাৰ বাবেই বায়ুৰ মান ব্যৱস্থাপনা আয়োগে (চি এ কিউ এম) এই কার্যব্যৱস্থা গ্রহণ কৰিছে। শনিবাৰে গধূলি ৬ বজাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ুৰ মানৰ সূচকাংক (এ কিউ আই) ৪৪১ হয়।
উল্লেখযোগ্য যে বায়ুৰ মান উন্নত কৰাৰ বাবে জি আৰ এ পিৰ ১, ২, ৩ৰ অধীনত ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে, ভয়াৱহ বায়ু প্রদূষণৰ পৰিপ্ৰেক্ষিতত ৫০ শতাংশ চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীক 'ৱৰ্ক ফর্ম হোম'ৰ অনুমতি দিছে দিল্লী চৰকাৰে।