ডিজিটেল ডেস্ক : ভাৰতৰ বাণিজ্য ঘাটি যোৱা মাহত ৩৪৬৮ কোটি ডলাৰলৈ বৃদ্ধি পায়। যোৱা বছৰ ডিচেম্বৰৰ তুলনাত দেশৰ বাণিজ্য ঘাটি যথেষ্ট বৃদ্ধি পাইছে। ডিচেম্বৰত বাণিজ্য ঘাটি ২৫০৪ কোটি ডলাৰ আছিল। বাণিজ্য ঘাটিৰ পৰিমাণ তাৎপর্যপূর্ণভাৱে বৃদ্ধি পোৱাৰ প্রধান কাৰণ হ'ল সোণ আৰু ৰূপৰ আমদানি বৃদ্ধি পোৱাটো। ইয়াৰ লগতে যোৱা মাহত দেশৰ ৰপ্তানিও হ্রাস পায়। যোৱা মাহত ৰপ্তানি হ্রাস পাই ৩৬৫৬ কোটি ডলাৰ হয়। ডিচেম্বৰত ৰপ্তানিৰ পৰিমাণ আছিল ৩৮৫১ কোটি ডলাৰ। চৰকাৰে প্ৰকাশ কৰা তথ্য মতে জানুৱাৰীত আমদানি ৭১২৪ কোটি ডলাৰলৈ বৃদ্ধি পায়। ডিচেম্বৰত আমদানিৰ পৰিমাণ আছিল ৬৩৫৫ কোটি ডলাৰ। ডিচেম্বৰৰ তুলনাত ভাৰতৰ আমদানিৰ পৰিমাণ প্রায় ১৯.১% বৃদ্ধি পায়। আমদানি যোৱা বছৰ এপ্ৰিলৰ পাছত সৰ্বাধিক হাৰত বৃদ্ধি পায়।
আমদানি বৃদ্ধিত সর্বাধিক অৰিহণা যোগায় সোণ আৰু ৰূপে। ভাৰতত বিয়াৰ বতৰত সোণ আৰু ৰূপৰ চাহিদা বৃদ্ধি পোৱাত আমদানিও বৃদ্ধি পায়। জানুৱাৰীত সোণৰ আমদানি ৪.৫ গুণ বৃদ্ধি পাই ১২০০ কোটি ডলাৰ হয়গৈ। আনহাতে ৰূপৰ আমদানি ২.৩ গুণ বৃদ্ধি পাই ২০০ কোটি ডলাৰ হয়। ইফালে বাণিজ্য ঘাটিয়ে চৰকাৰক চিন্তিত কৰিছে। চৰকাৰে জানুৱাৰীত বাণিজ্য ঘাটিৰ পৰিমাণ ২৬০০ কোটি ডলাৰ হ'ব বুলি অনুমান কৰিছিল, কিন্তু ঘাটি ইয়াতকৈ অধিক বৃদ্ধি পায়।
ইয়াৰ চাপ কাৰেণ্ট একাউন্ট বেলেন্সতো পৰাৰ আশংকা কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে সোণ আৰু ৰূপৰ আমদানি বৃদ্ধি পাই থাকিলে ভাৰতৰ কাৰেণ্ট একাউন্ট ডেফিচিত অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ মতে, চলিত বিত্তীয় বর্ষত মুঠ ৰপ্তানি কিছুমান খণ্ডত এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে বৃদ্ধি পায়। ইয়াৰ ভিতৰত সেৱা, অভিযান্ত্রিক সামগ্রী আৰু ঔষধৰ ৰপ্তানি বৃদ্ধি পায় যদিও আমেৰিকাৰ শুল্কৰ প্ৰভাৱ আৰু বিশ্বৰ বজাৰত সৃষ্টি হোৱা মন্দাৱস্থাৰ বাবে আন সামগ্ৰীৰ ৰপ্তানি হ্রাস পায়। আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি হোৱাৰ পাছত ভাৰতৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাব বুলি চৰকাৰে আশা কৰিছে। ইয়াৰ লগতে আমেৰিকাই চলিত মাহত শুল্কৰ হাৰ ৫০%ৰ পৰা ১৮%লৈ হ্রাস কৰে। ইয়াৰ প্ৰভাৱো ৰপ্তানিত পৰাৰ সম্ভাৱনা আছে। যোৱা মাহত আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ২২% হ্রাস পাই ৬৬০ কোটি ডলাৰ হয়গৈ। ইয়াৰ বিপৰীতে আমেৰিকাৰ পৰা আমদানি ২৩.৭% বৃদ্ধি পাই ৪৫০ কোটি ডলাৰ হয়গৈ।