ডিজিটেল ডেস্ক : মৰিগাঁও জিলাৰ কৃষি ক্ষেত্ৰত বর্তমান মাকৈ খেতিয়ে অন্য এক কৃষি বিপ্লৱৰ সূচনা কৰিছে। জিলাখনত যোৱা তিনি-চাৰি বছৰ ধৰি হাজাৰ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰি একাংশ কৃষকে অর্থনৈতিক ভেটি টনকিয়াল কৰি আহিছে। কিন্তু এই বছৰ মাকৈৰ দাম হ্রাস পাবলৈ ধৰাত জিলাখনৰ মাকৈ কৃষকসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে জিলাখনৰ উত্তৰ-পশ্চিমাঞ্চলত এইবেলি উৎপাদন হৈছে হাজাৰ হাজাৰ বিঘা মাকৈ। সম্প্ৰতি ৰ'দ-বৰষুণ একাকাৰ কৰি মাকৈ খেতি চপোৱাত ব্যস্ত পুৰুষ-মহিলা। জিলাখনৰ বানপীড়িত লাহৰীঘাট, ভূৰাগাঁও, গেৰুৱা, বৰালিমাৰী, গড়মাৰী, গাগলমাৰী, মায়ং আদিৰ উপৰি চৰ-চাপৰি অঞ্চলসমূহৰ বাবে বৰ্তমান মাকৈ খেতি প্রধান শস্য হৈ পৰিছে। যোৱা দুই-তিনি বছৰত জিলাখনৰ লাহৰীঘাট, ভূৰাগাঁও আৰু মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত উক্ত অঞ্চলসমূহত মাকৈ খেতি কৰি শ শ কৃষক অধিক লাভৱান হৈ আহিছে। সেই অনুসৰি পূৰ্বৰ তুলনাত এইবেলি অধিক অর্থাৎ কৃষি বিভাগৰ পৰা পোৱা তথ্য মতে, জিলাখনত প্রায় ৫৭০০ হেক্টৰ ভূমিত মাকৈ খেতি কৰা হৈছে।
প্রণিধানযোগ্য যে বিগত বছৰসমূহত উপযুক্ত দামত বিক্ৰী কৰি লাভৱান হোৱা কৃষকসকলে এইবেলিও ১০ৰ পৰা ৫০ বিঘা পর্যন্ত মাকৈ খেতি কৰিছে যদিও হঠাৎ মাকৈৰ দাম কমিবলৈ ধৰাত কৃষকসকল চিন্তিত হৈ পৰিছে। বর্তমান প্রতি কুইণ্টল মাকৈ ১৫ৰ পৰা ১৬শ টকাত বিক্ৰী কৰিব লগা হোৱাত মাকৈ কৃষকসকল লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। ইফালে, যোৱা বছৰত প্ৰতি কুইণ্টল মাকৈ ২১ৰ পৰা ২৩শ টকা পর্যন্ত বিক্ৰী কৰি অধিক লাভ ৱান হোৱাত জিলাখনৰ বহু নিবনুৱা যুৱকে মাকৈ খেতিত মন মেলিছিল যদিও বর্তমান মাকৈৰ দাম হ্রাস পাবলৈ ধৰাত সেইসকল যুৱ কৃষকে মূৰে-কপালে হাত দিব লগা হৈছে। ইফালে, মৰিগাঁও জিলাত মাকৈ খেতি অধিক উৎপাদন হোৱাৰ প্রতি লক্ষ্য ৰাখি কৃষি বিভাগে 'এক জিলা এক কৃষি' হিচাপে ঘোষণা কৰিছে যদিও বৰ্তমান বজাৰৰ মূল্যৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এইক্ষেত্ৰত জিলাখনৰ গোসাঁইবড়ি গাঁৱৰ ফুলেশ্বৰ কোঁৱৰ, দক্ষিণ চেনিমাৰীৰ খলিল উদ্দিন, বৰালিমাৰীৰ ৰহমত আলী, গাগলমাৰীৰ হবিবুৰ ৰহমান, গড়মাৰীৰ নিতু ডেকা, মায়ঙৰ ৰামপ্ৰীত সৰকাৰ, মতিলাল চৌহান আৰু কালাই চৰৰ জমিৰ উদ্দিন, নাজিম উদ্দিনে আক্ষেপ প্রকাশ কৰি কয় যে যোৱা বছৰসমূহত যদিও চৰকাৰে মাকৈ ক্ৰয় কৰা নাই, তথাপি উপযুক্ত দামত বিক্রী কৰি আমি অধিক লাভৰ মুখ দেখি আহিছিলোঁ। যদিও চৰকাৰে যোৱা বছৰ ধানৰ দৰে মাকৈ ওপৰতো মূল্য নির্ধাৰণ কৰি চৰকাৰীভাৱে মাকৈ ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু সময়ত সেয়া হৈ নুঠিল। ইফালে এইবাৰ হঠাৎ মাকৈৰ দাম কমিবলৈ ধৰাত আমি চিন্তিত হৈ পৰিছোঁ। পূৰ্বৰ দৰে মাকৈ খেতি কৰি লাভান্বিত হোৱাৰ সপোন দেখি পূৰ্বৰ তুলনাত এই বছৰ মাকৈ খেতিৰ পৰিমাণো বঢ়াই দিছিলোঁ।
বর্তমান অঞ্চলসমূহত ব্যৱসায়ীসকলে যি দামত মাকৈ ক্ৰয় কৰিব ধৰিছে, এনে দামত মাকৈ বিক্ৰী কৰিলে কপালৰ ঘাম মাটিত পেলাই আমি কেৱল খৰচ কৰা টকাকেইটাহে ঘূৰাই পাম। সেয়েহে এতিয়া জিলাখনৰ মাকৈ কৃষকসকলে তেওঁলোকৰ উৎপাদিত মাকৈ বিক্রী কৰি যাতে লাভান্বিত হ'ব পাৰে, তাৰবাবে উচিত মূল্য নির্ধাৰণ কৰি চৰকাৰীভাৱে মাকৈ ক্ৰয়ৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে।