জি এছ ৰ'ডৰ ২৩, ৩৬ নম্বৰ পথৰ নতুন নির্দেশ বাতিলৰ দাবী

dainik janambhumi July 11, 2025

ডিজিটেল ডেস্ক : 'গ্রীন ৰ'ড' কৰাৰ নামত গুৱাহাটীৰ আটাইতকৈ ব্যস্ত পথ জি এছ ৰ'ডত ব্যক্তিগত মালিকানাধীন চিটি বাছৰ চলাচল বন্ধ কৰিবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গভীৰ ষড়যন্ত্র চলোৱা বুলি মহানগৰ পৰিবহণ সংস্থাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আঞ্চলিক পৰিবহণ প্রাধিকাৰী কর্তৃপক্ষই একপক্ষীয়ভাৱে এই সিদ্ধান্ত লৈ ব্যক্তিগত খণ্ডৰ চিটি বাছৰ মালিক-কৰ্মচাৰীৰ মূৰত মাধমাৰ শোধোৱাৰ চক্রান্ত চলাইছে বুলি সংগঠনটোৰ নেতৃবর্গই তীব্র ক্ষোভ প্রকাশ কৰি ২০২৬ চনৰ জানুৱাৰীৰ পৰা জি এছ ৰ'ডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎ আৰু চি এন জিচালিত বাছ চলাচলৰহে অনুমতি প্রদান কৰিব বুলি লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ সন্থাই দাবী উত্থাপন কৰে। এই সন্দৰ্ভত মহানগৰ পৰিবহণ সন্থাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। 

উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত যোৱা ৫ জুলাইত অনুষ্ঠিত এখন বৈঠকত জি এছ ৰ'ডক 'গ্রীন ৰ'ড' কৰাৰ স্বাৰ্থত জানুৱাৰীৰ পৰা জি এছ ৰ'ডত কেৱল বিদ্যুৎচালিত আৰু চি এন জিচালিত বাছহে চলিব পাৰিব বুলি ঘোষণা কৰা হৈছিল। 

কিন্তু এই ঘোষণাৰ পিছতে মহানগৰত চলাচল কৰা ব্যক্তিগত খণ্ডৰ ১৬৭খন ডিজেলচালিত চিটি বাছৰ মালিক, চালক, হেণ্ডিমেনৰ মাজত হাহাকাৰ লাগিছে। কিয়নো সদাব্যস্ত জি এছ ৰ'ডেৰে ডিজেলচালিত চিটি বাছৰ চলাচল বন্ধ কৰিলে নিশ্চিতভাৱে এইসমূহ বাছৰ মালিক-কৰ্মচাৰী আর্থিকভাৱে অনেক ক্ষতিগ্রস্ত হ'ব। সেয়েহে ১৬৭খন ডিজেলচালিত বাছৰ মালিকৰ স্বাক্ষৰ সম্বলিত স্মাৰক-পত্ৰৰ জৰিয়তে মহানগৰ পৰিবহণ সন্থাই এনে হঠকাৰী সিদ্ধান্ত শীঘ্রে বাতিল কৰিবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবক দাবী জনাইছে।

Share This