'চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজ'ৰ অধ্যয়নত প্রকাশ নির্বাচনী ৰাজনীতিৰ স্বৰূপ, ধনতন্ত্ৰলৈ পৰ্যৱসিত দেশৰ গণতন্ত্র

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক: 'ভাৰতীয় ৰাজনীতিত ধনবলৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ ফলত এতিয়া ৰাজনীতি নির্দিষ্ট কিছুমান প্ৰভাৱশালীৰ ব্যক্তিৰ সম্পত্তিৰ দৰে হৈ পৰিছে। ইয়াৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিছে মহিলা আৰু যুৱকসকলৰ ওপৰত আৰু ইয়াৰ ফলত তেওঁলোকৰ বাবে নিৰ্বাচনী ৰাজনীতিত নমা আৰু সম্পূৰ্ণ শক্তিৰে যুঁজ দিয়াটো কঠিন হৈ পৰিছে। ৰাজনীতিত অনিয়ন্ত্রিত ধনবলে গণতান্ত্রিক বিশুদ্ধতাক গভীৰভাৱে প্ৰভাৱিত কৰিছে। ইয়াৰ লগতে ৰাজনৈতিক দলবোৰৰ ভিতৰত গা কৰি উঠা অগণতান্ত্রিক কার্যপ্রণালীয়ে এতিয়া ভাৰতীয় ৰাজনীতিক এক প্রহসনত পৰিণত কৰিছে।' 

চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে (চি এম এছ) এক অধ্যয়নৰ অন্তত প্ৰকাশ কৰা এখন প্রতিবেদনত এইদৰে কোৱা হৈছে। প্রতিবেদনখনত চি এম এছে কয় যে ২০২৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচন ভাৰতৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল নিৰ্বাচনৰূপে পৰিগণিত হৈছে। চি এম এছৰ অধ্যয়নত প্রকাশ পোৱা মতে, নির্বাচনটোত ৰাজনৈতিক দল আৰু প্রার্থীসকলে সামগ্রিকভাৱে প্রায় ১.৩৫ লাখ কোটি টকা ব্যয় কৰে। 

আনহাতে, এইবাৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত বিজেপি আৰু তৃণমূল কংগ্ৰেছে যিধৰণে সর্বশক্তি প্রয়োগ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে তালৈ চাই ই বিধাসভাৰ নিৰ্বাচনৰ ইতিহাসত ধনৰ অপব্যৱহাৰৰ এক নতুন অভিলেখৰ সৃষ্টি কৰাৰ সম্ভাবনা আছে। এই প্রসংগত অলপতে অবজার্ভাৰ ৰিছৰ্চ ফাউণ্ডেশ্যনৰ গৱেষক নিৰঞ্জন চাহু আৰু অম্বৰ কুমাৰ ঘোষে কৰা এটা অধ্যয়নৰ প্ৰতিবেদনত আশ্চর্যজনক তথ্য প্রকাশ কৰিছে। ভাৰতত ৰাজনীতিৰ মূল্য শীর্ষক প্রতিবেদনখনত কোৱা হৈছে যে ৰাজনৈতিক দল তথা প্রার্থীসকলে কেৱল নিৰ্বাচনৰ সময়তহে ধন ব্যয় কৰে বুলি থকা ধাৰণাটো সঠিক নহয়। ইয়াত কোৱা হৈছে যে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিবলৈ বিচৰা লোকসকলে নিজৰ নির্বাচনী সমষ্টিত ভেটি গঢ়াৰ বাবে আৰু দলৰ পৰা টিকট লাভৰ প্ৰচেষ্টা চলাই থকাৰ সময়ছোৱাত যথেষ্ট ধন ব্যয় কৰে। 

টিকট প্রত্যাশী নেতাসকলে নিজৰ সমষ্টিত একেৰাহে মাহৰ পাছত মাহ আৰু আনকি কেইবাবছৰ পৰ্যন্ত জনসম্পৰ্কৰক্ষী অভিযান চলাই থাকে আৰু বিভিন্ন সামাজিক তথা সাংস্কৃতিক কার্যসূচীত আগভাগ লয়। লোক সভা সমষ্টি এটাত এজন প্রার্থীয়ে এনেধৰণৰ অভিযানত প্রতিমাহে ৩-৪ লাখ টকা ব্যয় কৰে। আন কথাত টিকট পোৱাৰ আগতেই এজন প্রার্থিত্ব প্রত্যাশীয়ে কোটি কোটি টকা ব্যয় কৰে। বিভিন্ন ৰাজনৈতিক দলৰ বিশেষকৈ আঞ্চলিক দলৰ ভালেমান নেতাই এই কথা স্বীকাৰ কৰে যে এজন প্রার্থিত্বপ্রয়াসী হিচাপে তেওঁলোকে দলৰ নেতৃত্বৰ সন্মুখত নিজৰ আৰ্থিক সচ্ছলতা প্রমাণ কৰিবলগীয়া হয় আৰু দলৰ পুঁজিলৈ বৃহৎ পৰিমাণৰ বৰঙনি দিব লগা হয়। ইয়াৰ উপৰি তেওঁলোকে নিজৰ নিৰ্বাচনী ব্যয় বহন কৰাৰ লগতে কেতিয়াবা আন প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ অংশও বহন কৰিবলগীয়া হয়। দক্ষিণ ভাৰতৰ একাংশ প্রার্থীয়ে জনোৱা মতে, তেওঁলোকে দলীয় প্রার্থিত্ব লাভৰ বাবে নিজৰ ফালৰ পৰা ৩-৪ কোটি টকা ব্যয় কৰিবলগীয়া হয়। মন কৰিবলগীয়া যে অভ্যন্তৰীণ বিষয়ববীয়া নিযুক্তিৰ ক্ষেত্ৰত ধনৱান নেতাকহে দলে অগ্রাধিকাৰ দিয়ে। শেহতীয়া বছৰবোৰত নিৰ্বাচনী ব্যয় অনুমান কৰাতকৈ বহুত বেছি বৃদ্ধি পাইছে। এই অধ্যয়নটো কৰাৰ সময়তে তেওঁলোকে বিভিন্ন প্রার্থী তথা দলৰ নেতাৰ পৰা লোৱা সাক্ষাৎকাৰত এই তথ্য পোহৰলৈ আহে যে লোক সভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা আগশাৰীৰ দলসমূহৰ একোজন প্রার্থীয়ে গড়ে ৫-১০ কোটি টকা ব্যয় কৰাটো সাধাৰণ কথা হৈ পৰিছে। অৱশ্যে ব্যয়ৰ পৰিমাণ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই প্রসংগত উদাহৰণ হিচাপে কোৱা হৈছে যে কোনো এটা সমষ্টিত যদি কোনো প্রভাৱশালী তথা ক্ষমতাশালী নেতাই প্রতিদ্বন্দ্বিতা কৰে তেতিয়া ব্যয় ১০০ কোটি টকাতকৈ অধিক হয়গৈ। 

প্রতিবেদনখনত আন এটা গুৰুত্বপূর্ণ দিশ উল্লেখ কৰা হৈছে। যিহেতু নির্বাচনত ব্যয় দিনক দিনে বৃদ্ধি পাইছে সেয়েহে প্রার্থীসকলে অকলে এই ব্যয় বহন কৰাটো কঠিন হৈ পৰে। সেয়েহে তেওঁলোক নিজৰ ব্যৱসায়ী বন্ধু তথা উদ্যোগপতিৰ ওচৰত হাত পাতিবলৈ বাধ্য হয়। আন কথাত গণতান্ত্রিক প্রক্রিয়াত এতিয়া ব্যাৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰা পুঁজিৰ প্ৰৱেশ ঘটিছে। ফলত এতিয়া স্থানীয় পৰ্যায়ত খনন, কয়লা আৰু স্থাৱৰ সম্পত্তিৰ ব্যৱসায় কৰা লোকসকলে ৰাজনৈতিক নেতাক পুঁজিৰ যোগান ধৰিবলৈ লৈছে। আনকি একাংশ ব্যৱসায়ী তথা উদ্যোগপতিয়ে আজকালি নিজে কোনো ৰাজনৈতিক দলত যোগ দি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ প্ৰৱণতাও বৃদ্ধি পাইছে। এই ধনতন্ত্রত এতিয়া হাতত ধন নথকা, পুৰণি আৰু নিষ্ঠাৱান ৰাজনীতিকসকলৰ স্থান ক্ৰমাৎ নোহোৱা হৈ পৰিছে। ইফালে ভোটদানৰ কিছু দিনৰ আগতে ভোটাৰৰ মাজত ধন বিলোৱাটো এতিয়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 

প্রতিবেদনখনত কোৱা হৈছে যে চাহু আৰু ঘোষে সাক্ষাৎকাৰ লোৱা অধিকাংশ নেতাই স্বীকাৰ কৰে যে প্ৰতিদ্বন্দ্বী প্রার্থীক দেখি তেওঁলোকেও ধন বিলাবলৈ বাধ্য হৈছে। একাংশ নেতাই এই বুলিও স্বীকাৰ কৰে যে আগতে তেওঁলোকে ভোটাৰক কম পৰিমাণৰ ধন বিলাইছিল, কিন্তু এতিয়া ইয়াৰ পৰিমাণ ২-৩ হাজাৰ টকা হৈছেগৈ। তেলেংগানা আৰু অন্ধ্রপ্রদেশত প্রতিজন ভোটাৰক বিলোৱা ধনৰ পৰিমাণ এতিয়া ৫-৭ হাজাৰ টকা পর্যন্ত হৈছেগৈ। 

ভাৰতীয় ৰাজনীতিত ধনবলৰ ব্যাপক প্রয়োগ প্ৰতিৰোধৰ বাবে চাহু আৰু ঘোষে কিছুমান পৰামৰ্শও আগবঢ়াইছে। তেওঁলোকৰ মতে, ৰাজনীতিত ধনৰ ব্যাপক ব্যৱহাৰ প্ৰতিৰোধৰ বাবে এক শক্তিশালী প্রণালী কাৰ্যকৰী কৰা উচিত। ইয়াৰ লগতে ৰাজনৈতিক দল তথা প্রার্থীসকলক তেওঁলোকে নিৰ্বাচনত কৰা ব্যয়ৰ সকলো তথ্য ৰাজহুৱা কৰাটো বাধ্যতামূলক কৰাৰ কথাও কোৱা হৈছে। ইয়াৰ লগতে ৰাজনৈতিক দললৈ ৰাজহুৱা বৰঙনিৰ ব্যৱস্থা কৰা উচিত বুলিও কোৱা হৈছে। বৈধ ৰাজনৈতিক কাম-কাজৰ বাবে আৰু নিৰ্বাচনী ব্যয়ৰ বাবে চৰকাৰী সাহায্য বা ৰাজ্যই নির্বাচনী পুঁজিৰ ব্যৱস্থা কৰিব লাগে যাতে সকলো প্রার্থীয়ে সমানে সুযোগ লাভ কৰে।

Share This