জোনাইৰ গালিঘাটত দেপি নদীৰ ভয়ংকৰ খহনীয়া, জাহ গ'ল ৭টা পৰিয়ালৰ বাসগৃহ, আতংকিত ৰাইজ

dainik janambhumi June 22, 2026

ডিজিটেল ডেস্ক : জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত গালিঘাটত দেপি নদীৰ ভয়ংকৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যোৱা দুদিন ধৰি অসম-অৰুণাচল সীমান্ত অঞ্চলত হোৱা অবিৰত বৰষুণ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা নামি অহা খৰস্রোতা পানীৰ ফলত দেপি নদীৰ জলস্তম্ভৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাই অঞ্চলটোত তীব্র খহনীয়াৰ সৃষ্টি হৈছে। ফলস্বৰূপে, গালিঘাট অঞ্চলত এক শংকাজনক আৰু আতংকময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই ভয়ংকৰ খহনীয়াৰ ফলত ইতিমধ্যে অঞ্চলটোৰ প্রায় ৭টাতকৈ অধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ গৈছে। ইয়াৰ উপৰি বহু মূল্যৱান গছ-গছনি, কেইবা হেক্টৰ কৃষিভূমিৰ লগতে অন্যান্য বহু মূল্যৱান সা-সম্পত্তিও নৈৰ বুকুত বিলীন হৈছে। 

বহু বছৰৰ পৰিশ্ৰম, ত্যাগ আৰু কষ্টেৰে গঢ়ি তোলা জীৱনৰ সম্বল বুৰ পলকতে হেৰুৱাই পৰিয়ালসমূহে এতিয়া এক দুঃসহ সময়ৰ সন্মুখীন হ'বলগীয়া হৈছে। গৃহহীন হোৱা পৰিয়ালসমূহে নিজৰ গাত পিন্ধা কাপোৰ, নথি-পত্ৰ আৰু কেইটামান অত্যাৱশ্যকীয় সামগ্ৰী লৈ নিৰাপদ আশ্ৰয়ৰ সন্ধানত ওখ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে। বহু পৰিয়াল এতিয়া আত্মীয়-স্বজন অথবা সাময়িক আশ্রয়স্থলত আশ্রয় লৈ অতি অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজেৰে দিন অতিবাহিত কৰিছে। ইয়াৰ সমান্তৰালকৈ খাদ্য সামগ্রী, বিশুদ্ধ খোৱাপানী, বস্ত্র, ঔষধ আৰু অন্যান্য নিত্যপ্রয়োজনীয় সামগ্ৰীৰ অভাৱেও পৰিস্থিতি অধিক জটিল কৰি তুলিছে। শিশু, মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকল বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছে। খহনীয়াৰ ভয়ত বহু পৰিয়ালে এতিয়াও নিশা নিৰাপদে টোপনি যাব পৰা অৱস্থাত নাই। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈ আহিছে যদিও এতিয়ালৈকে কোনো ফলপ্রসূ পদক্ষেপ গ্রহণ কৰা হোৱা নাই। 

ফলস্বৰূপে, প্ৰতিবছৰে বৰষুণৰ সময়ত অঞ্চলবাসীয়ে একেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে। সেয়ে খহনীয়াৰ ভয়াৱহতা আৰু ভুক্তভোগী পৰিয়ালসমূহৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্রে চৰকাৰ আৰু স্থানীয় প্রশাসনে জৰুৰী ভিত্তিত খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গৃহহাৰা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ, পুনৰ সংস্থাপন, খাদ্য সামগ্ৰী আৰু অন্যান্য প্রয়োজনীয় সাহায্য আগবঢ়োৱাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালসমূহৰ লগতে স্থানীয় ৰাইজে।

Share This