জাগুনত ‘সোপাধৰা’ৰ আতংক; পঞ্চম শ্ৰেণীৰ ছাত্ৰক বলপূৰ্বক অপহৰণৰ চেষ্টা

Rashmi June 22, 2026

ডিজিটেল ডেস্ক: জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন ১০ বছৰীয়া কিশোৰক অপহৰণৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বৰ্তমান 'সোপাধৰা'ৰ তীব্ৰ আতংকে বিৰাজ কৰিছে।

যোৱা দেওবাৰে আবেলি প্ৰায় ৪ বজাত এই ঘটনা সংঘটিত হয়। জাগুন ৬ মাইল মাঞ্চে পথাৰৰ নিবাসী স্বৰ্গীয় ঘনশ্যাম ঠাকুৰৰ পুত্ৰ তথা ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ দিলীপ ঠাকুৰে স্কুলৰ পৰা আহি আবেলি খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। খেলিবলৈ যোৱাৰ সময়তে ৰামপুৰ ৬ মাইলৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড ব্ৰেকাৰৰ কাষত থিয় হৈ থকা অৱস্থাত জাগুনৰ দিশৰ পৰা অহা এখন বগা ৰঙৰ মাৰুতি ইকো (Maruti Eeco) ভানত দুজন অচিনাকি যুৱক আহে। যুৱকদ্বয়ে কিশোৰগৰাকীক বলপূৰ্বকভাৱে বাহনখনত উঠাই লৈ যায়।

বাহনখনৰ ভিতৰত কিশোৰ দিলীপে ভয় নাখায় চিঞৰ-বাখৰ কৰিবলৈ ধৰে। ঠিক তেনেতে অপহৰণকাৰীৰ দলটোৱে পাটকাই গেটত আৰক্ষীৰ নাকা চেকিং প্ৰত্যক্ষ কৰে। আৰক্ষীৰ তালাচীত ধৰা পৰাৰ ভয়ত যুৱক দুজনে কিশোৰজনক আধা বাটতে বাহনখনৰ পৰা নমাই থৈ পলায়ন কৰে।

পৰৱৰ্তী সময়ত একাংশ স্থানীয় লোকে কিশোৰাজনক বাটত অকলশৰীয়া আৰু আতংকিত অৱস্থাত প্ৰত্যক্ষ কৰি এখন টমটমৰ (E-rickshaw) সহায়ত সুৰক্ষিতভাৱে ঘৰলৈ পঠিয়াই দিয়ে।

এই ঘটনাৰ পিছৰে পৰাই সমগ্ৰ জাগুনৰ ৰামপুৰ অঞ্চলৰ অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত আৰক্ষীৰ কঠোৰ পদক্ষেপ দাবী কৰিছে।




উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This