ডিজিটেল ডেস্ক : ভাৰতীয় নাৰীৰ অদম্য শক্তিক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে মধ্য প্ৰদেশৰ এগৰাকী যুৱতীয়ে। ৭,৯৭৬ কিল'মিটাৰ অকলে চাইকেল চলাই আশা মালব্য নামৰ যুৱতীগৰাকী দেওবাৰে উপস্থিত হয় লখিমপুৰত। ভাৰতীয় সেনাৰ ৭৮সংখ্যক দিৱস উপলক্ষে ৰাজস্থানৰ জয়পুৰত যোৱা ১১ জানুৱাৰীৰ দিনা এই যাত্ৰাৰ শুভাৰম্ভ কৰিছিল আশা মালব্যই।
ইতিমধ্যে ৰাজস্থান, গুজৰাট, মধ্য প্রদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগকে ধৰি ১০খন ৰাজ্য অতিক্ৰম কৰি আশা মালব্যই সম্পূর্ণ কৰিছে ৭৯৭৬ কিল'মিটাৰ পথৰ চাইকেল অভিযান। দেওবাৰে লখিমপুৰৰ পৰা অৰুণাচলৰ কিৰিটো অভিমুখে যাত্ৰা কৰে আশাই। কিৱিটোতেই সামৰণি পৰিব এই চাইকেল যাত্ৰাৰ। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা পৰ্বতাৰোহী আশা মালব্যই মূলতঃ মহিলা সবলীকৰণ, দেশপ্ৰেম আৰু সাহসৰ লক্ষ্য লৈ চলাই গৈছে এই চাইকেল অভিযান। মধ্য প্রদেশৰ এখন সৰু গাঁৱত জন্মগ্রহণ কৰা আশা মালব্যই স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰাৰ অন্তত দুটা চৰকাৰী চাকৰি কৰিও ত্যাগ কৰিলে কেৱল এই অভিযানৰ বাবেই।
ইয়াৰ পূৰ্বেও কেইবাটাও চাইকেল অভিযান সম্পন্ন কৰিছে আশাই। এই পর্যন্ত সমগ্র ভাৰতজুৰি আশা মালব্যই সম্পন্ন কৰিছে ৬৫,০০০ কিল'মিটাৰ চাইকেল অভিযান। এই যাত্ৰাৰ মাজতে দেওবাৰে যুৱতীগৰাকী নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত উপস্থিত হৈ স্থানীয় সাংবাদিকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয়। সাংবাদিকৰ আগত তেওঁ নিজৰ অভিজ্ঞতাৰ কথা সদৰী কৰাৰ লগতে মহিলা সবলীকৰণ আৰু দেশপ্ৰেমৰ বাৰ্তা সমাজৰ প্ৰতিজন লোকৰ ওচৰলৈ লৈ যোৱাই তেওঁৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে।