দেৰগাঁৱৰ বাদুলিপাৰত ছিৰিয়েল কিলাৰৰ ঘটনা ; উত্তেজিত ৰাইজে জগৰীয়া কৰিছে প্ৰশাসনক 

Rashmi May 27, 2025

ডিজিটেল ডেস্ক : দেৰগাঁৱৰ বাদুলিপাৰত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷ বাদুলিপাৰৰ বুড়াগাঁৱৰ নামঘৰীয়া সোণেশ্বৰ গগৈ আৰু তেখেতৰ পত্নী দেৱী গগৈক পুৱা প্ৰায় ন মান বজাত অচিনাক্ত এজন ব্যক্তিয়ে অস্ত্ৰৰে নিজ গৃহত প্ৰহাৰ কৰে৷ পত্নীক প্ৰহাৰ কৰি থকাৰ অৱস্থাত সোণেশ্বৰ গগৈয়ে বাৰীত পাণ পাৰি আছিল৷ পত্নীৰ চিৎকাৰ শুনি সোণেশ্বৰে ঘৰৰ ভিতৰত সোমাবলৈ লওঁতেই দুৰ্বৃত্তটোৱে সোনণশ্বৰক মূৰত প্ৰহাৰ কৰে ৷ 

সেই সময়ত বাহিৰত হোৱা ঘটনাটো প্ৰত্যক্ষ কৰিছিল কাষৰে এগৰাকী যুৱতীয়ে৷ যুৱতী গৰাকীৰ চিঞৰত হত্যাকাৰীটোৱে পলায়ন কৰে৷ সমবেত ৰাইজে দুয়োকে ততাতৈয়াকৈ হস্পিটেললৈ প্ৰেৰণ কৰিছিল যদিও সোণেশ্বৰ গগৈক ইতিমধ্যে মৃত্যু ঘোষণা কৰে আৰু দেৰগাঁও ঢিকিৎসালয়ৰ পৰা দেৱী গগৈক অতি সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে৷ ঘটনাস্থলীত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত তদন্ত আৰম্ভ কৰিছে যদিও ৰাইজ ক্ষোভিত হৈ পৰিছে৷ যিহেতু এনেধৰণৰঘটনা এই অঞ্চলত এইটোৱেই  প্ৰথম নহয়৷ ইয়াৰ পূৰ্বে ছটাকৈ এনে ধৰণৰ হত্যাকাণ্ড সংঘটিত হৈ গৈছে৷ আৰক্ষীয়ে আজি পৰ্যন্ত চিনাক্ত কৰিব নোৱাৰিলে এটা ঘটনাৰো  হত্যাকাৰীক। ফলত শংকিত হৈ পৰিছে স্থানীয় লোকসকল।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This