ডিজিটেল ডেস্ক : দুটা শক্তিশালী ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰিলে ভেনিজুৱেলাৰ এটা বৃহৎ অংশ। এই মহাপ্রলয়ত এতিয়ালৈকে দেশখনৰ ১৮৮জন লোকৰ মৃত্যু আৰু ১৫০০জন আহত হোৱা বুলি প্রকাশ পাইছে যদিও হতাহতৰ সংখ্যা বহুত বেছি হ'ব বুলি আশংকা কৰা হৈছে।
ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচী ৰড্রিগেজে বৃহস্পতিবাৰে এই কথা জনোৱাৰ উপৰি কয় যে ধ্বংসাৱশেষৰ মাজত আবদ্ধ লোকক উদ্ধাৰ কৰিবলৈ ভূমিকম্পৰ দ্বাৰা আটাইতকৈ পীড়িত অঞ্চললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে। স্থানীয় সময় মতে বুধবাৰে সন্ধিয়া ৰিখটাৰ স্কেলত ৭.২ আৰু ৭.৫ প্রাবল্যৰ দুটা শক্তিশালী ভূমিকম্পই ভেনিজুৱেলাক জোকাৰি যায়। এই কম্পন সমগ্র অঞ্চলটোতে অনুভূত হয়।
উল্লেখযোগ্য যে এই দুটা ভূমিকম্প আছিল দেশখনত হোৱা এটা শতিকাতকৈ অধিক সময়ৰ ভিতৰত আটাইতকৈ প্রবল ভূমিকম্প। স্থানীয় সময়মতে সন্ধিয়া ৬-০৪ বজাত (ভাৰতীয় সময়মতে বৃহস্পতিবাৰে পুৱতি নিশা ৩-৩৪ বজা) ৭.২ প্রাবল্যৰ ভূমিকম্পটোৰ পাছতে ৬-০৫ বজাত (ভাৰত ৩-৩৫) ৭.৫ প্রাবল্যৰ ভূমিকম্পই দেশখন জোকাৰি যায়। কাৰাকাছৰ বাসিন্দাৰ মতে, ভূমিকম্পত ৬০ ছেকেণ্ড মহানগৰখন লৰি থাকে। ইয়াৰ পাছত ২০টা আফটাৰশ্বকো হয়। এই ভূমিকম্পত দেশখনৰ প্ৰধান বিমান বন্দৰ ছাইমন বলিভাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ক্ষতিগ্রস্ত হয় আৰু বন্ধ কৰি দিয়া হয়।
ইফালে ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ পৰা প্ৰায় ১,৭০০ কিল 'মিটাৰ সুদূৰৰ ব্রাজিলৰ আমাজান অঞ্চলৰ বিভিন্ন ঠাইত ঘৰবোৰ খালী কৰোৱা হয়। বৃহস্পতিবাৰে সম্প্ৰচাৰিত টিভিৰ বাতৰিত দেখা গৈছে যে ৰাজধানী মহানগৰৰ আতংকিত বাসিন্দাই পথত ভিৰ কৰিছে আৰু ভূমিকম্পৰ পাছত বহু লোকে ভাগি পৰা ঘৰৰ মাজত সন্ধানহীনজনৰ সন্ধান কৰিছে। ৰাষ্ট্ৰীয় টিভিত দেখুওৱা হৈছে লা গুৱেইৰা ৰাজ্যত ধূলিত পোত যোৱা, জীয়াই থকা তিনিটি শিশুক টানি উলিওৱাৰ দৃশ্য।
উঞল্লেখযোগ্য যে আটাইতকৈ পীড়িত ৰাজ্যৰ ভিতৰত এইখন ৰাজ্যও আছে। ইফালে ৰাষ্ট্ৰপতি ৰড্রিগেজে কয়, 'তাত কেইবা ডজন ভৱন খহি পৰিল আৰু আমি বর্তমান তাত প্ৰাণ ৰক্ষা কৰিবলৈ তীব্ৰ উদ্ধাৰ অভিযান চলাই আছোঁ। দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী ডিয় 'ছডাড' কাবিয়'ই জনসাধাৰণক বাহিৰত থাকিবলৈ অনুৰোধ জনাইছিল, কাৰণ আফটাৰশ্বকে ভৱনবোৰৰ গাঁথনিক অধিক ক্ষতিগ্রস্ত কৰিব পাৰে। তাৰ পাছত বহু লোক কেইবাঘণ্টাও ঘৰৰ বাহিৰত পথতে ৰৈ থাকে। ভূমিকম্পৰ পাছত ৰাজধানী মহানগৰখনত বিদ্যুৎ সেৱা আৰু ম'বাইল ফ'ন সেৱা ব্যাহত হয়। কাৰাকাছত ভূগৰ্ভৰ ৰে'ল সেৱা তথা প্রাকৃতিক গেছ সেৱাও বন্ধ কৰা হয়। দেশখনৰ শিক্ষা মন্ত্রীয়ে জনায় যে কেইবা দিনলৈ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদান বন্ধ থাকিব আৰু বিদ্যালয়-মহাবিদ্যালয় ভৱনবোৰ আশ্রয় শিবিৰ তথা দান কেন্দ্ৰৰূপে ব্যৱহাৰ কৰা হ'ব। ইফালে কাৰাকাছৰ এজন বাসিন্দা ৰবাৰ্ট' গামাছে কয় যে তেওঁ থকা ভৱনটো 'এফালৰ পৰা ইফালে হালিছিল। অলীক। যিটো গতিত হালিছিল সি আছিল অবিশ্বাস্যভাৱে শক্তিশালী।'
বুধবাৰে সন্ধিয়াৰ দুটা অতি শক্তিশালী ভূমিকম্পৰ পাছত ৰাষ্ট্ৰপতি ৰড্রিগেজে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। তেওঁ কয় যে ভূমিকম্পত ভগা চিকিৎসালয় আৰু ঘৰৰ পুনৰ নিৰ্মাণৰ বাবে ২০০ মিলিয়ন ডলাৰৰ পুনর্নিমাণ পুঁজি চৰকাৰে আবণ্টন দিছে।