ডিজিটেল ডেস্কঃ পুৰীৰ গুণ্ডিছা (ঘুনুচা) মন্দিৰৰ কাষত দ ধলপুৱা ৪-২০ বজাত জগন্নাথৰ নন্দীঘোষ ৰথৰ কাষত হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ তিনিজন লোক নিহত হোৱাৰ লগতে প্রায় ৫০জন লোক আহত হয়। ইয়াৰে ছয়জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই ঘটনাটো ঘটে জগন্নাথ মন্দিৰৰ পৰা তিনি কিল'মিটাৰ দূৰৰ গুণ্ডিছা (ঘুনুচা) মন্দিৰৰ কাষত। মন্দিৰটোৰ কাষত ভগৱান জগন্নাথৰ নন্দীঘোষ ৰথ দৰ্শনৰ কাৰণে বৃহৎসংখ্যক ভক্তৰ ভিৰ হয়।
প্রত্যক্ষদর্শীৰ মতে, সেই সময়ত ৰথ দৰ্শনৰ কাৰণে সমবেত হোৱা ভিৰ অনিয়ন্ত্ৰিত হৈ পৰে। সেই সময়তে ধর্মীয় সামগ্রী কঢ়িওৱা এখন বাহন ভিৰৰ মাজত প্ৰৱেশ কৰাত ঠেলা-হেঁচাৰ সৃষ্টি হয় আৰু বাগৰি পৰা একাংশ ভক্ত পদপিষ্ট হৈ গুৰুতৰৰূপে আহত হয়। ইয়াৰে তিনিজনৰ মৃত্যু হয়। সামান্যভাবে আহতসকলক প্রাথমিক চিকিৎসা দিয়াৰ পাছত যাবলৈ দিয়া হয়। গুৰুতৰভাৱে আহতসকলক পুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসা কৰি থকা হৈছে।
প্রত্যক্ষদর্শীয়ে কৰা অভিযোগ মতে, ভিৰ নিয়ন্ত্ৰণৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হোৱা নাছিল। পদপিষ্ট হৈ মৃত্যু হোৱা এগৰাকী মহিলাৰ স্বামীয়ে এইবুলি অভিযোগ কৰে যে এই ঘটনাটো ঘটাৰ সময়ত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। তাত অগ্নিনির্বাপক বাহিনী বিষয়াৰ কথা বাদেই, উদ্ধাৰকাৰী দল বা চিকিৎসকৰ দলো উপস্থিত নাছিল। আন এজন প্রত্যক্ষদর্শীৰ মতে, মন্দিৰৰ কাষত অত্যন্ত ভিৰ আছিল আৰু তাত ভিৰ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাছিল। তেওঁৰ মতে, ভক্তসকল সেই স্থানৰ পৰা ওলাই যোৱাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাছিল, ফলত প্রবেশ পথেৰেই তেওঁলোক প্রস্থান কৰিবলগীয়া হয়। ইয়াৰ ফলত ভিৰ অধিক বৃদ্ধি পায়।
উল্লেখযোগ্য যে পুৰীৰ ৰথযাত্ৰাত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ ৰথ তেওঁলোকৰ মাহীয়েকৰ ঘৰ গুণ্ডিছাৰ (ঘুনুচা) মন্দিৰৰ কাষত ৯ দিনৰ বাবে ৰখাই থোৱা হয়। ইয়াত বলভদ্র আৰু সুভদ্রাৰ ৰথ আগতেই উপস্থিত হয়। ইয়াৰ পাছত উপস্থিত হয় ভগৱান জগন্নাথৰ ৰথ। সেয়েহে জগন্নাথৰ ৰথ দৰ্শনৰ কাৰণে তাত ভক্তৰ যথেষ্ট ভিৰ হয়।
ঠেলা-হেঁচাত পদপিষ্ট হৈ নিহত হোৱা লোককেইজনক বসন্তী চাহু (৩৬), প্রেমকান্তি মোহান্তি (৭৮) আৰু প্রভাতী দাস বুলি চিনাক্ত কৰা হৈছে।
ইফালে এই ঘটনাটোৰ বাবে ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে ক্ষমা বিচাৰিছে। তেওঁ 'এক্স'ত কয়, 'মই আৰু মোৰ চৰকাৰে ভগৱান জগন্নাথৰ সকলো ভক্তৰ ওচৰত ব্যক্তিগতভাৱে ক্ষমা বিচাৰিছোঁ। এই অৱহেলা ক্ষমাৰযোগ্য নহয়।' আনহাতে ওড়িশাৰ প্রাক্তন মুখ্যমন্ত্ৰীয়ে ঘটনাটোৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰি কৈছে যে বিশালসংখ্যক ভক্তক নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা নথকা বাবেই এই ঘটনা ঘটিল। ইফালে ৰাজ্য চৰকাৰে এই দুর্ঘটনাটোৰ পাছত পুৰীৰ জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে আৰক্ষীৰ উপ-আয়ুক্ত তথা কমাণ্ডেণ্টক নিলম্বন কৰে। চৰকাৰে নিহতসকলৰ নিকটাত্মীয়লৈ ২৫ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।
উল্লেখযোগ্য যে যোৱা ২৮ জুনৰ বিয়লি ৪ বজাত ভগৱান জগন্নাথৰ ৰথযাত্ৰা আৰম্ভ হয়। সেইদিনা দেবী সুভদ্ৰাৰ ৰথৰ কাষত প্ৰচণ্ড ভিৰৰ বাবে চাপ বৃদ্ধি পোৱাত ৬২৫জন লোক অসুস্থ হৈ পৰিছিল। প্ৰত্যক্ষদর্শীৰ মতে যিটো পথেৰে ভক্তসকল ওলাই যাবলৈ কোৱা হৈছিল সেই পথটো ভি আই পি প্রবেশদ্বাৰ কৰা হয়। ইয়াৰ ফলত প্রবেশদ্বাৰত হঠাতে অত্যধিক ভিৰ হয়। যান-বাহনৰ পৰিচালনা ব্যৱস্থাও উপযুক্ত নাছিল। ইয়াৰ লগতে মন্দিৰৰ কাষলৈ অকর্তৃত্বশীলভাবে ভালেমান গাড়ী সোমাই যায়। পুৰীৰ স্থানীয় নিবাসী স্বাধীন কুমাৰ পাণ্ডাই কয়, 'মই মন্দিৰৰ কাষত কালি শেষ নিশা ২-৩ বজালৈকে আছিলোঁ, কিন্তু ভিৰ নিয়ন্ত্রণ ব্যবস্থা ভাল নাছিল। ভি আই পিসকলৰ বাবে এটা নতুন প্ৰৱেশ পথৰ ব্যৱস্থা কৰা হয় আৰু সাধাৰণ লোকসকলক আঁতৰৰ পৰাই প্রস্থান কৰিবলৈ কোৱা হৈছিল। ভক্তসকলে প্রবেশ পথেৰে উভতি যাবলৈ ধৰে আৰু ইয়াৰ ফলত ভিৰ অধিক বৃদ্ধি পায়। অকর্তৃত্বশীলভাবে ভালেমান গাড়ী মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে। প্রশাসনে ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো বিশেষ ব্যৱস্থা গ্রহণ কৰা নাছিল। আটাইতকৈ ডাঙৰ সমস্যাটো আছিল তাৰ পৰা ওলোৱা পথটো অতি সংকীর্ণ আছিল।' প্রত্যক্ষদর্শীৰ মতে, মন্দিৰৰ কাষত ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হোৱা নাছিল বা বেৰিকেডৰো ব্যৱস্থা নাছিল। ইফালে মুখ্যমন্ত্রী মাঝিয়ে এই ঘটনাৰ এক তদন্তৰ নিৰ্দেশ দিয়ে।