ডিজিটেল ডেস্ক : বাংলাদেশে ৰাষ্ট্রদ্রোহ গোচৰত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন ইস্কন নেতা চিন্ময় কৃষ্ণ দাসক বুধবাৰে ঢাকাৰ উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰে। বুধবাৰে ঢাকা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মহম্মদ আতোৱাৰ ৰহমান আৰু আলী ৰেজাৰৰ বিচাৰপীঠে প্রাক্তন ধর্মীয় নেতাজনৰ জামিন মঞ্জুৰ কৰে।
চিন্ময় দাসৰ হৈ জামিন আৱেদনখন অধিবক্তা অপূর্ব ভট্টাচার্যই আদালতখনত দাখিল কৰিছিল। আনহাতে, চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে অতিৰিক্ত এটর্নি জেনেৰেল অনীক হক আৰু আব্দুল জব্বৰে।
এই জামিনৰ পাছত চিন্ময় দাসৰ মুক্তিৰ পথ প্রশস্ত হ'ল। উল্লেখযোগ্য যে বিগত বৰ্ষত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত চিন্ময় কৃষ্ণ দাসক বাংলাদেশ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। উল্লেখযোগ্য যে ইস্কনৰ ধৰ্মীয় নেতাজনক গ্ৰেপ্তাৰৰ পাছত বাংলাদেশত হিন্দুসকলে ব্যাপক প্রতিবাদ কৰিছিল।