ৰাষ্ট্ৰীয় ভাৰোত্তোলনত চৰাইদেউৰ ধৰ্মজ্যোতিৰ স্বৰ্ণ

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক : পিতৃক হেৰুওৱাৰ বেদনাই মর্মাহত কৰাৰ পাছতো খামিডাঠ অসম সন্তান ধর্মজ্যোতি দেউঘৰীয়াই ৰাষ্ট্ৰীয় ভাৰোত্তোলনৰ য়ুথ শাখাত সোণৰ পদক অর্জনেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উত্তৰ প্ৰদেশৰ মোদী নগৰত চলি থকা (৩-১ ফেব্ৰুৱাৰী) ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ ৫৬ কেজি শাখাত প্রতিদ্বন্দ্বিতা কৰি ধর্মজ্যোতিয়ে স্বর্ণ পদকটো জয়ৰ বেলিকা স্নেটছত ১০৩ আৰু ক্লীন এণ্ড জার্কত ১২৭ কেজিসহ সামগ্রিকভাৱে মুঠ ২৩০ কেজি ওজন উত্তোলন কৰে। 

অসমৰ চৰাইদেউ জিলাৰ পৰা ওলাই অহা ধৰ্মজ্যোতি দেউঘৰীয়াই আহমেদাবাদত যোৱা বছৰ আগষ্টত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাৰ যুৱ শাখাত নতুন অভিলেখ গঢ়ি সোণৰ পদক অর্জনেৰে দেশ তথা ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। চৰাইদেউ জিলাৰ সোণাৰীৰ গেছ গোদামৰ নিৱাসী জয়ন্ত আৰু অৰুণা দেউঘৰীয়াৰ সন্তান ধর্মজ্যোতিয়ে ইতিপূর্বে কাজাখস্তানত অনুষ্ঠিত এছিয়ান যুথ ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰি থৈছে। বিশিষ্ট ভাৰোত্তোলন প্রশিক্ষক অনুপ কোঁৱৰৰ পৰা খেলবিধৰ আদিপাঠ শিকা ধর্মজ্যোতিয়ে ২০২০ চনত চৰাইদেউ ভাৰোত্তোলন দলৰ হৈ কেৰিয়াৰ আৰম্ভ কৰিছিল। 

প্রতিভাৱান ভাৰোত্তোলকগৰাকীয়ে সম্প্রতি আর্মি বয়জত থাকি ছার্ভিচেজ স্পর্টছ কন্ট্র'ল ব'ৰ্ডৰ অধীনত প্রতিযোগিতাত অংশগ্রহণ কৰিছে। ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ধর্মজ্যোতিক শুভেচ্ছা জনাইছে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। উল্লেখ্য যে অহা ১৮ জানুৱাৰীত পিতৃৰ মৃত্যুৰ সময়ত ধৰ্মজ্যোতি ৰাষ্ট্ৰীয় শিবিৰৰ চূড়ান্ত পর্যায়ত আছিল।

Share This