কমনৱেলথ ভাৰোত্তোলনত ধৰ্মজ্যোতিৰ স্বৰ্ণ

dainik janambhumi August 26, 2025

ডিজিটেল ডেস্ক : ক্লীন এণ্ড জাৰ্কৰ লগতে সামগ্রিক উত্তোলনত নতুন অভিলেখসহ অসমৰ চৰাইদেউ জিলাৰ পৰা ওলাই অহা ধর্মজ্যোতি দেউঘৰীয়াই কমনবেলথ ভাৰোত্তোলন প্রতিযোগিতাত সোণৰ পদক অর্জনেৰে দেশ তথা ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুজৰাটৰ আহমেদাবাদত সোমবাৰৰ পৰা আৰম্ভ হোৱা আন্তর্জাতিক প্রতিযোগিতাখনত ধর্মজ্যোতিয়ে ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিল'গ্রাম ওজনত প্রতিদ্বন্দ্বিতা কৰে। ভাৰতীয় দলক প্রতিনিধিত্ব কৰা ধৰ্মজ্যোতিয়ে নিজা ওজন শাখাটোৰ স্নেটছত ৯৭ কেজি ওজন দঙাৰ বিপৰীতে কমনৱেলথ ভাৰোত্তোলনৰ যুৱ শাখাত নতুন অভিলেখ গঢ়ে ক্লীন এণ্ড জার্কত ১২৭কেজিসহ সামগ্রিকভাৱে মুঠ ২২৪ কেজি উত্তোলন কৰি চৰাইদেউ জিলাৰ সোণাৰিৰ গেছ গোদামৰ নিৱাসী জয়ন্ত আৰু অৰুণা দেউঘৰীয়াৰ সন্তান ধর্মজ্যোতিয়ে ইতিপূর্বে কাজাখাস্তানত অনুষ্ঠিত এছিয়ান য়ুথ ভাৰোত্তোলনত ৰূপৰ পদক জয়ৰ কৃতিত্ব অর্জন কৰি থৈছে।

বিশিষ্ট ভাৰোত্তোলন প্রশিক্ষক অনুপ কোঁৱৰৰ পৰা খেলবিধৰ আদিপাঠ শিকা ধর্মজ্যোতিয়ে ২০২০ চনত চৰাইদেউ ভাৰোত্তোলন দলৰ হৈ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইফালে পুৰুষ-মহিলা উভয়ৰে যুৱ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ খেল অনুষ্ঠিত আন্তর্জাতিক প্রতিযোগিতাখনত ভাৰতীয় দলৰ হৈ অসমৰ আৰু চাৰিগৰাকী প্রতিভাৱান ভাৰোত্তোলকে প্রতিদ্বন্দ্বিতাত নামিব। প্রকাশিত সূচী অনুসৰি ২৬ আগষ্টত ছোৱালীৰ যুৱ শাখাৰ ৫৮ কিল'গ্রাম শাখাত অসম কন্যা ভাবনা গগৈয়ে প্রতিদ্বন্দ্বিতাত নামিব। পৰৱৰ্তী ২৭ আগষ্টত অসমৰ দুগৰাকী ভাৰোত্তোলকে নিজৰ নিজৰ ওজন শাখাত খেলিব। ল'ৰাৰ জুনিয়ৰৰ ৭১ কিল'গ্রাম শাখাত হেমন্ত দৈমাৰীয়ে খেলাৰ লগতে ল'ৰাৰ যুব শাখাৰ ৭১ কিল'গ্রাম শাখাত অৱতীর্ণ হ'ব অভিনৱ গগৈ। ইফালে, অহা ৩০ আগষ্টলৈ অনুষ্ঠিত হ'বলগা প্রতিযোগিতাখনত দেশৰ প্ৰথম ভাৰোত্তোলক হিচাপে বিশ্ব যুৱ চেম্পিয়নশ্বিপত সোণ অৰ্জন কৰি ইতিহাস গঢ়া অসম সন্তান বেদব্রত ভৰালীয়ে ২৮ আগষ্টত আন এক ইতিহাস গঢ়াৰ লক্ষ্যৰে খেলিবলৈ সাজু হৈছে। তেওঁ কমনৱেলথ দেশৰ প্রতিযোগিতাখনত জুনিয়ৰৰ ৭৯ কিল'গ্রাম শাখাত ঘৰুৱা দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰিব। অৱশ্যে বেদব্ৰতৰ বাহিৰে অন্য যি চাৰিগৰাকী অসমৰ ভাৰোত্তোলকক ভাৰতীয় দললৈ নিৰ্বাচন কৰা হৈছে, আটাইকেইগৰাকী নবাগত তথা কেৰিয়াৰৰ প্ৰথমখন কমনবেলথ ভাৰোত্তোলন প্রতিযোগিতাত খেলাৰ সুযোগ লাভ কৰিছে। 

ইফালে, প্রতিযোগিতাখনত ৰাজ্যৰ পাঁচ খেলুৱৈৰ লগতে অসমৰ আগশাৰীৰ প্রশিক্ষক তথা ছাইৰ ভাৰোত্তোলনৰ হাইপাৰফর্মেন্স কেন্দ্ৰৰ সঞ্চালক অলকেশ বৰুৱা ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্বত আছে। প্রথমদিনা পদক অর্জনেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ধর্মজ্যোতিক শুভেচ্ছা জনাইছে অসম ভাবোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে।

Share This