ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা নতুন বালিজান আৰু নিলখৰ মাজত গাইনদীৰ ওপৰত নতুনকৈ পকী দলং নির্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। অসম জাতীয়তাবাদী যুৱ পৰিষদে দলংখনৰ নিৰ্মাণত চৰম দুর্নীতিৰ অভিযোগ তুলি কয়- 'অসম চৰকাৰে লোকনির্মাণ বিভাগক প্রায় ৬৫ কোটি টকা আৱণ্টন দি গাইনদীৰ ওপৰত বেতনিপাম পঞ্চায়তৰ অন্তৰ্গত নতুন বালিজান আৰু নিলখ পঞ্চায়তৰ অন্তৰ্গত বৰপাম গাঁও সংযোগী আৰ চি চি দলং শিৱ নামৰ প্রতিষ্ঠানক নিৰ্মাণৰ দায়িত্ব প্রদান কৰে।
দায়িত্ব লাভ কৰি প্ৰতিষ্ঠানটোৱে কাম আৰম্ভ কৰে যদিও সময়ে সময়ে লেহেম আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈ আহিছে। তাৰ পিছতো নির্মাণকৃত প্রতিষ্ঠানে কোনো কাণসাৰ দিয়া চকুত নপৰে। লোক নিৰ্মাণ বিভাগৰ বিষয়াও জনসাধাৰণৰ অভিযোগক গুৰুত্ব প্রদানৰ পৰিৱৰ্তে প্ৰতিষ্ঠানটোৰ পক্ষ লোৱাহে দেখা গৈছে। বিভিন্ন সময়ত বিভাগৰ বিষয়াৰ বিৰুদ্ধে ধন লৈ প্রাক্কলন মতে কাম নকৰাৰ অভিযোগ কৰে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে'। মন কৰিবলগীয়া যে, বর্তমান দলঙৰ খুঁটাৰ ওপৰত গাডাৰ (PIER) কাম চলি আছে। দলঙৰ খুঁটাৰ ওপৰত গাডাৰ (PIER) সংস্থাপন কৰা তিনিদিনৰ পাছতে দলঙৰ খুঁটা ওপৰৰ পৰা চাৰিটা গাডাৰ (PIER) ভাঙি তলত পৰে। সেই সময়ত শ্রমিকে কাম কৰি আছিল। কথমপি ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে শ্রমিক। নিৰ্মাণকাৰী প্রতিষ্ঠানে বিষয়টো যাতে ৰাজহুৱা নহয় তাৰ বাবে গাডাৰ (PIER) সামগ্রীসমূহ গাঁত খান্দি পুতি থয়। ইয়াৰ পাছতো লোক নির্মাণ বিভাগে নির্মাণকাৰী প্ৰতিষ্ঠানৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা দেখা নাই বুলি অভিযোগ কৰে সংগঠনটোৱে।
এইক্ষেত্ৰত বিষয়টো গুৰুত্ব দিবৰ বাবে নিৰপেক্ষ তদন্ত কৰি নিৰ্মাণকাৰী প্ৰতিষ্ঠানক উক্ত কামৰ পৰা আঁতৰাই পুনৰ নিবিদা আহ্বান কৰি অন্য প্রতিষ্ঠানক দিয়া ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। যিসকল বিভাগৰ বিষয়াই ধন লৈ প্ৰাককলনৰ বাহিৰত আৰু নিম্ন কাম চলাই নিবলৈ অনুমতি প্রদান কৰিলে সেই সকলৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, জিলা সভাপতি সঞ্জীৱ চেতিয়া আৰু ভাৰপ্ৰাপ্ত সম্পাদক ধীৰেন দিৰিংগীয়াই।