ডিজিটেল ডেস্ক : ধেমাজিত আদিম যুগৰ দৰে আজিও বহু ঠাইত গাঁত খান্দি খোৱাপানীৰ ব্যৱস্থাৰে জীৱন-যাপন কৰিছে গঞাই। যি সময়ত শাসকীয় বিজেপি মিত্ৰজোঁটৰ চৰকাৰে, ৰাস্তা-ঘাট, খোৱাপানী উন্নয়নৰ নামত ঢাক-ঢোল বজাই আহিছে, সেই সময়ত ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্রীপানী পঞ্চায়তৰ বিজয়পুৰ গাঁওখনে খোৱাপানীৰ নামত গাঁতৰ পানী সেৱন কৰিবলগীয়া হৈছে। আজিও গঞাই কাষৰ জানৰ পৰা বিশুদ্ধ খোৱাপানীৰ নামত গাঁত খান্দি পানী সেৱন কৰিব লগা হৈছে। উক্ত গাঁৱলৈ যাবলৈ নাই সুচল পথ। উন্নয়নে ঢুকি নোপোৱা এই অঞ্চলত এটুপি খোৱা পানীৰ বাবে আজিও হাহাকাৰ কৰিবলগীয়া হয়।
এটুপি খোৱাপানীৰ বাবে বছৰ বছৰ ধৰি অপৰিষ্কাৰ খোৱা পানীকে সেৱন কৰি আহিছে অঞ্চলবাসীয়ে। ধেমাজি জিলাৰ শ্ৰীপানী পঞ্চায়তৰ অন্তৰ্গত বিজয়পুৰৰ প্ৰায় ২০-৩০টা পৰিয়ালে এতিয়া এটুপি পানীৰ বাবেই দীর্ঘদিনধৰি অঞ্চলটোৰ কাষতে থকা এটি মৰা সুঁতিত গাত খান্দি পানী সেৱন কৰি আহিছে। ইফালে বাট-পথৰ দুৰৱস্থা আৰু বাৰিষা কালত বানপানী সমস্যাৰ বাবেই দুর্বিষহ জীৱন-নির্বাহ কৰিব লগা হৈছে অঞ্চলবাসীয়ে। খৰালি কালত গাঁত খান্দি পানী সংগ্রহ কৰাৰ বিপৰীতে বাৰিষা মৰা সুঁতিৰ পানীকে সেৱন কৰি আহিছে অঞ্চলটোৰ ৰাইজে। চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই অঞ্চলটোত। বাট-পথৰ জৰাজীৰ্ণ ৰূপে জলা-কলা খোৱাইছে অঞ্চলবাসীক।
পূৰ্বতে জোনাই আৰু বৰ্তমান নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোৰ ৰাইজৰ সমস্যাৰাজিৰ প্ৰতি আজিও ন্যূনতম গুৰুত্ব দিয়া নাই চৰকাৰ কিম্বা জনপ্রতিনিধিয়ে। একেদৰে ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং, বদতী, বগীপুং, বৰলা নৈপৰীয়াই আজিও বিশুদ্ধ খোৱাপানীৰ নামত গাঁত খান্দি পানী সেৱন কৰিবলগীয়া হৈছে।