ধোনিসহ ৭জন আই চি চিৰ 'হল অব ফেম'ত

dainik janambhumi June 11, 2025

ডিজিটেল ডেস্ক : ক্ৰিকেটৰ অতি সন্মানীয় আই চি চিৰ 'হল অব্ ফেম'ত অন্তর্ভুক্ত হ'ল প্রাক্তন ভাৰতীয় অধিনায়ক এম এছ ধোনি। সোমবাৰে আই চি চিয়ে ২০২৫ চনৰ বাবে ৭ গৰাকী ক্রিকেটাৰক 'হল অব ফেম'ত স্থান দিয়াৰ কথা ঘোষণা কৰে। ইয়াত দুগৰাকী মহিলা ক্রিকেটাৰো আছে। ৫জন পুৰুষ ক্রিকেটাৰত ধোনিৰ সংগী হ'ল অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটাৰ মেথিউ হেডেন, দক্ষিণ আফ্ৰিকাৰ প্রাক্তন অধিনায়ক গেম স্মিথ, দক্ষিণ আফ্রিকাৰে প্ৰাক্তন আগশাৰীৰ বেটাৰ হাছিম আমলা আৰু নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ডেনিয়েল ভেট্টৰী।

আনহাতে, মহিলা ক্রিকেটাৰ দুগৰাকী হ'ল ইংলেণ্ডৰ প্ৰাক্তন উইকেট কীপাৰ কাৰা টেইলৰ আৰু পাকিস্তানৰ প্ৰাক্তন অধিনায়িকা ছানা মীৰ। আই চি চিয়ে ধোনিক এই মর্যাদা তেওঁৰ সফল ক্রিকেট পৰিসংখ্যাৰ বাবেই নহয়, লগতে অভূতপূর্ব ধাৰাবাহিকতা, ফিটনেছ আৰু দীর্ঘম্যাদীতাৰ বাবে দিছে। 'চাপ মোকামিলা কৰি শীতল হৈ থকাৰ দক্ষতা, অদম্য কাৰিকৰী দক্ষতা, ক্ৰিকেটৰ এজন সর্বশ্রেষ্ঠ ফিনিচাৰ, অধিনায়ক আৰু উইকেট ৰক্ষক হিচাপে তেওঁক সন্মান জনায় আমি 'হল অব্ ফেম'ত অন্তর্ভুক্ত কৰিলোঁ।' ধোনি সম্পৰ্কে আই চি চিয়ে বিজ্ঞপ্তিটোত এই কথা কয়, '১৭,২৬৬ ৰান, ৮২৯টা চিকাৰ আৰু ৫৩৮ খন আন্তঃৰাষ্ট্ৰীয় মেচ, ধোনিৰ পৰিসংখ্যাই দেখুৱাই সেয়া মহান নহয়, অতি মহান'। আই চি চিয়ে লগতে কয়।

উল্লেখযোগ্য যে ধোনিৰ নেতৃত্বতে ভাৰতে ২০০৭ চনৰ টি-২০ বিশ্ব কাপ, ২০১১ চনত এদিনীয়া বিশ্ব কাপ আৰু ২০১৩ চনত চেম্পিয়ন্স ট্রফী জয় কৰিছিল। ধোনিয়ে ভাৰতৰ হৈ ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া মেচ আৰু ৯৮ খন টি-২০ মেচ খেলিছিল। ৬০ খন টেষ্টত তেওঁ ভাৰতক নেতৃত্ব দি ২৭ খনত জয়ী হৈছিল। আনহাতে, ১৫ খন টেষ্ট ড্র হয় আৰু ১৮খনত পৰাজিত হৈছিল। এদিনীয়াত তেওঁ ভাৰতৰ হৈ অভিলেখ সংখ্যক ২০০ মেচত নেতৃত্ব দিছিল। ইয়াৰে ১১০ খনত জয়ী হৈছিল আৰু ৭৪খনত পৰাজিত হৈছিল। ৫খন মেচ 'টাই' হৈছিল আৰু ১১খন পৰিত্যক্ত হয়। টি-২০তো ভাৰতৰ হৈ অভিলেখ সংখ্যক ৭২খন মেচত নেতৃত্ব দিছিল। ইয়াৰ ৪১ খনত জয়ী হয়, ২৮ খনত পৰাজিত হয়, ১খন 'টাই' হয় আৰু দুখন পৰিত্যক্ত হয়।

Share This