২০ বছৰত প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ চালে ধোনিৰ পিতৃ-মাতৃয়ে

dainik janambhumi April 06, 2025

ডিজিটেল ডেস্কঃ দিল্লী কেপিটেলছৰ বিৰুদ্ধে শনিবাৰে ইয়াৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ মেচখনত চেন্নাই ছুপাৰ কিংছৰ প্ৰসিদ্ধ খেলুৱৈ মহেন্দ্র সিং ধোনিৰ পিতৃ-মাতৃও উপস্থিত আছিল। 

উল্লেখযোগ্য যে ধোনীৰ পিতৃ-মাতৃয়ে ২০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ উপভোেগ কৰে। ধোনিৰ পিতৃ-মাতৃৰ উপৰি তেওঁৰ পত্নী সাক্ষী আৰু কন্যা জীৱাও খেলপথাৰত উপস্থিত আছিল।

 ইফালে, ধোনিৰ সমগ্ৰ পৰিয়ালটোৱে শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ ঘৰুৱা ষ্টেডিয়ামত খেল উপভোগ কৰাৰ কাৰণে সামাজিক মাধ্যমত তেওঁ শনিবাৰে অৱসৰৰ বিষয়ে ঘোষণা কৰিব পাৰে বুলি প্ৰচাৰ চলিছিল। অৱশ্যে, চেন্নাই ছুপাৰ কিংছে সামাজিক মাধ্যমত এই বাতৰিক গুৰুত্ব দিব নালাগে বুলিহে ইংগিত দিয়ে।

Share This