ডিজিটেল ডেস্ক : যোৱা কেইবা বছৰ ধৰি চেন্নাই ছুপাৰ কিংছৰ দিন ভালদৰে পাৰ হোৱা নাই। সেয়ে, এইবাৰৰ আই পি এলত নতুনকৈ প্রত্যাবর্তন ঘটাব খোজে চেন্নাই ছুপাৰ কিংছে (চি এছ কে)। দলটো পুনৰ গঠন কৰা হৈছে। কেইবাগৰাকী তৰুণ আৰু দক্ষ ক্রিকেটাৰক দলভুক্ত কৰা হৈছে। সঞ্জু ছেমছনে চি এছ কেত যোগ দিছে। দলত আছে শিৱম ডুবে আৰু ঋতুৰাজ গাইকোৱাডৰ লগতে অৱশ্যেই আছে মহেন্দ্র সিং ধোনি। ধোনিৰ আই পি এল ভৱিষ্যতক লৈ আলোচনা চলি আছে যদিও কিছুদিন পূর্বে চি এছ কেৰ চিই অ'কাশী বিশ্বনাথনে কয় যে ধোনিয়েও এইবাৰৰ আই পি এলত সকলো মেচ খেলিব। অৱশ্যে, উইকেটকীপাৰ ধোনিক দেখা যাব নে নাই সেই সন্দর্ভত বিশ্বনাথনে কোনো মন্তব্য নকৰিলে। পিছে সূত্ৰৰ পৰা জানিব পৰা মতে, এইবাৰ ছেমছনক উইকেটৰ পিছফালে দেখা পোৱা যাব।
৫বাৰৰ চেম্পিয়ন চেন্নাই বর্তমান এক পৰিৱৰ্তনকালৰ মাজেৰে পাৰ হৈ আছে। ২০২৪ চনৰ পৰা অধিনায়ক হিচাপে থকা ঋতুৰাজে অৱশ্যে যোৱাবাৰ আঘাতপ্রাপ্ত হোৱাত নেতৃত্বৰ দায়িত্ব ধোনিৰ কান্ধত অর্পণ কৰা হৈছিল। তাৰ মাজতে ধোনিৰ ভূমিকা এতিয়া বহুখিনি সলনি হৈছে। বেটিং ক্রমত তেওঁ শেষৰফালে বেট ধৰিবলৈ আহে। ইমপেক্ট প্লেয়াৰৰ নিয়মৰ বাবে উইকেটৰ পিছফালে তেওঁক প্রায়ে দেখা নাযায়। ইফালে, প্রাক্তন ক্রিকেটাৰ আকাশ চোপ্ৰাই বিচাৰে যে ধোনিক পুনৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰা উচিত।
চোপ্রাই কয়, 'মই ক'ম যে যদি ধোনিয়ে খেলে তেন্তে তেওঁক অধিনায়কৰ দায়িত্ব দিব লাগে। যদি ধোনিয়ে ২০ অ'ভাৰ উইকেটৰ পিছফালে থাকিব পাৰে তেন্তে তেওঁ সকলো সময়তে খেলপথাৰত থাকিব। চেন্নাই দলত ধোনিৰ বাহিৰে আৰু কোন যোগ্য আছে? মই ভাবোঁ যে যদি আমি ধোনিৰ শ্রেষ্ঠখিনি উলিয়াই আনিব খোজোঁ তেন্তে তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া উচিত।'