ডিজিটেল ডেস্ক: মহেন্দ্র সিং ধোনিৰ প্রতি আৱেগ আৰু ভালপোৱা আগৰ দৰেই প্রবল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো ধোনিৰ প্রতি থকা প্রেম এতিয়াও বৈ আছে। তেওঁ খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে আৰম্ভ হয় ধোনি-ধোনি ধ্বনি। এই ৪৪ বছৰ বয়সতো ধোনি প্রেম সকলোবে ঈৰ্ষাৰ কাৰণ হ'ব পাৰে।
ধোনিয়ে কি এইবাৰৰ আই পি এলৰ পাছতে অৱসৰ ল'ব! আই পি এলত চেন্নাই ছুপাৰ কিংছক ৫টা খিতাপ জয়ৰ সোৱাদ দিয়া ধোনিক এটা অনুষ্ঠানত প্রশ্ন কৰা হৈছিল যে এইবাৰৰ আই পি এলৰ পাছত বেট-পেড সামৰি থ'ব নেকি? অনুষ্ঠানতো সঞ্চালনা কৰা শিৱ কার্তিকে প্রশ্ন কৰে, 'আপুনি কি এইবাৰ অৱসৰ ল'ব? কিন্তু আপুনি ক'ব একদম নহয়। প্রতি বছৰে একেই উত্তৰ দিয়ে। আপুনি ৬০ বছৰলৈকে খেলিব পাৰিব।' ধোনিয়ে হাঁহি হাঁহি উত্তৰত কয়, 'বহুত কষ্টকৰ হ'ব।' প্রত্যুত্তৰত শিৱ কাৰ্তিকে কয়, আপোনাৰ ফিটনেছলৈ চাই, ই সম্ভৱ যেন লাগে।' ধোনিৰ বক্তব্য মই চেষ্টা কৰিম। ধোনিৰ বক্তব্য শুনি অনুৰাগীসকল উচ্ছাসিত হৈ উঠিছে।
উল্লেখযোগ্য যে ধোনিয়ে আকৌ এবাৰ হালধীয়া জাছীৰে আই পি এলত নামিব ।