ডিজিটেল ডেস্ক : ডেনমাৰ্কৰ ঔষধ প্রস্তুতকর্তা ন'ভ' নর্ডিস্কে বুধবাৰে সপ্তাহত মাত্র এবাৰ ল'ব লগা বিশ্বৰ প্ৰথমটো আৰু একমাত্র ইনছুলিন এৱিক্লি বা ইনছুলিন আইক'ডেক ভাৰতত মুকলি কৰে। টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ ৰোগীক বছৰৰ ৩৬৫ দিনেই ইনছুলিন লোৱাৰ পৰা এই বেছাল ইনছুলিনে উল্লেখনীয়ভাৱে ৫২ দিনলৈ ইনছুলিন লোৱাৰ দিন হ্রাস কৰি সকাহ দিব। ইনছুলিন হৈছে এটা হৰম'ন যি গ্লুকজ (ছুগাৰ) ৰক্তবাহিকাত ইয়াক গোট খোৱা বন্ধ কৰিবলৈ গ্লুকজক কোষলৈ যোৱাত সহায় কৰে।
টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ ৰোগীয়ে তেওঁলোকৰ ব্লাড ছুগাৰ স্বাস্থ্যকৰ মাত্ৰাত ৰাখিবলৈ সাধাৰণতে দিনে এবাৰ আৰু কেতিয়াবা দিনে কেইবাবাৰো ইনছুলিন ল'ব লগীয়া হয়। ভাৰতত এৱিক্লিৰ ৭০০ ইউনিটৰ দাম হ'ব ২৬১১ টকা, অর্থাৎ প্রতি ইউনিটৰ দাম ৩.৭৩ টকা। ঔষধ প্রস্তুতকর্তা ন'ভ' নর্ডিস্কে কয় যে বর্তমান দৈনিক লোৱা ইনছুলিনৰ খৰচতকৈ এই ঔষধ ৩০-৪০ শতাংশ সক্তা হ'ব।
উল্লেখযোগ্য যে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবৰ বাবে ইনছুলিনৰ চিকিৎসা আৰম্ভ কৰা বহু ৰোগীক দৈনিক ১০ ইউনিট ইনছুলিনৰ প্ৰয়োজন হয়-তেনে ৰোগীক সপ্তাহত ৭০ ইউনিট প্রয়োজন হ'ব, যাৰ দাম হ'ব সপ্তাহত প্রায় ২৬১ টকা। উল্লেখযোগ্য যে ভাৰতত প্রায় ১০.১ কোটি লোক ডায়েবেটিছত আক্রান্ত আৰু ১৩,৬ কোটি লোক প্রিডায়েবেটিছত। দেশত ৯ লাখতকৈ অধিক টাইপ ১ ডায়েবেটিছ ৰোগী আছে।