ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ

dainik janambhumi August 21, 2025

ডিজিটেল ডেস্ক : ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডায়মণ্ড হাৰবাৰৰ বিৰুদ্ধে খেলিব। 

বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ডায়মণ্ড হাৰ্বাৰ এফ চিয়ে আন এক অঘটন ঘটাই আই এছ এলৰ দল তথা ডুৰাণ্ড কাপৰ প্ৰাক্তন চেম্পিয়ন ইষ্ট বেংগল এফ চিক ২-১ গ'লত পৰাস্ত কৰে।

উল্লেখযোগ্য যে প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে খেলি ফাইনেলত উপনীত হৈ ইতিহাস গঢ়িলে ডায়মণ্ড হার্বাৰে। ডায়মণ্ড হাৰ্বাৰৰ হৈ গ'ল দুটা দিয়ে ক্রমে ক'ৰ্টাজাৰ আৰু জ'বিয়ে। ইষ্ট বেংগলৰ হৈ আনোৱাৰে এটা গ'ল পৰিশোধ কৰে। প্ৰতিযোগিতাৰ ফাইনেলখন ২৩ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত হ'ব।

Share This