আপুনি জানেনে ?ৰোগ প্ৰতিৰোধী ক্ষমতা পুৰুষতকৈ¸ মহিলাৰ অধিক শক্তিশালী !

Jyoti Borah August 22, 2023

ডিজিটেল ডেস্কঃ আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে এতিয়া সকলোৱে জানে৷ কভিড-১৯ মহামাৰীৰ সময়ত সকলোৱে নিজৰ ৰোগ প্ৰতিৰোধী প্ৰণালীৰ প্ৰতি সচেতন হৈ পৰিছিল৷ কিন্তু পুৰুষ আৰু মহিলাৰ ৰোগ প্ৰতিৰোধী  প্ৰণালীৰ মাজত যে পাৰ্থক্য আছে সেই কথা বহুতেই নাজানে৷ মানৱ শৰীৰ বিজ্ঞানৰ মতে,

                   মহিলাৰ ৰোগ প্ৰতিৰোধী প্ৰণালী পুৰুষতকৈ অধিক শক্তিশালী৷ পুৰুষসকলৰ সহজেই  এইচ আই ভি, হেপাটাইটিছ-বি, প্লাজ্‌ম’ডিয়াম ফালি্‌ছপেৰম (মেলেৰিয়াৰ বীজাণু)দৰে ৰোগৰ সংক্ৰমণ হয়৷ ইয়াৰ বিপৰীতে মহিলাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক শক্তিশালী৷ অৱশ্যে ইয়াৰ পাশ্বৰ্ক্ৰিয়াও থাকে৷ মহিলাসকলৰ দীঘলীয়া বা পুৰণি ৰোগ হোৱাৰ আশংকা অধিক হয়৷ এই ৰোগ হয় শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰণালীৰ কাৰণেই৷ ইয়াক কোৱা হয় ইমিনিউ ইনফ্লেমেটৰী ডিজিজ৷ আচলতে সংক্ৰমণৰ প্ৰতি শৰীৰৰ সঁহাৰি, ৰোগ প্ৰতিৰোধী কোষবোৰৰ সংখ্যা আৰু সক্ৰিয়তাৰ দৰে কাৰকৰ ওপৰত ই নিৰ্ভৰ কৰে৷ ইয়াৰ আন এটা কাৰণ ক্ৰম’জন বুলিও কোৱা হৈছে৷ মহিলাৰ দুটা এক্স ক্ৰম’জম আৰু পুৰুষৰ এটা ৱাই ক্ৰম’জম থাকে৷ এক্স ক্ৰম’জমত ৰোগ প্ৰতিৰোধৰ সৈতে সম্পৰ্ক থকা জিন অধিক পোৱা যায়৷ ইয়াৰ লগতে হৰম’নৰ মাত্ৰাও এই ক্ষেত্ৰত আন এটা কাৰক বুলি কোৱা হৈছে৷ মুঠতে মহিলাৰ ৰোগপ্ৰতিৰোধী সঁহাৰি অধিক দেখা পোৱা যায়৷

                 অৱশ্যে ইয়াৰ ফলত আন কিছুমান ৰোগ হোৱাও দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত স্কেৰ’ছিছ, ৰিউমেটাইড আৰ্থৰাইটিছ, লিউপ্‌ছ, থায়ৰয়ডৰ দৰে ৰোগো আছে৷ 

Share This