শিল্পী সমাজৰ লগত সমিলমিলেৰে বিবাদৰ অন্ত পেলোৱাৰ পোষকতা পূব গুৱাহাটী বিহু সন্মিলনীৰ

Rashmi April 24, 2025

ডিজিটেল ডেস্ক : পূব গুৱাহাটী বিহু সন্মিলনী আৰু শিল্পী সমাজৰ যৌথ সংবাদমেল। শিল্পী দিগন্ত ভাৰতীক কৰা অপমান সন্দৰ্ভত এই সংবাদমেল। 

উল্লেখ্য যে, ১৬ এপ্ৰিলত দিগন্ত ভাৰতীৰ সৈতে সংঘটিত হৈছিল অপমানজনিত ঘটনা। পত্নীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ তেওঁ চানমাৰিৰ পূব গুৱাহাটী বিহুৰ অনুষ্ঠানলৈ গৈছিল।দৰ্শকৰ আসনত বহি থকা শিল্পীগৰাকীক আয়োজক সমিতিয়ে গান গাবলৈ আহ্বান জনাইছিল। সমিতিৰ আহ্বান মৰ্মে তেওঁ মঞ্চত উঠিছিল। জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ মাইক্ৰফ'ন কাঢ়ি লৈ মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷  

আজি বিহু সন্মিলনীৰ হৈ উপস্থিত আছে সভাপতি বিপুল তালুকদাৰ, সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া, প্ৰধান উপদেষ্টাদ্বয় বলেন ভৰালী আৰু সঞ্জীৱ লহকৰ। আনহাতে শিল্পী সমাজৰ হৈ উপস্থিত দিগন্ত ভাৰতী, ৰাজেশ ভূঞাৰ লগতে শিল্পী সমাজৰ বহু বিষয়ববীয়া ৷

সংবাদ মাধ্যমত সীমান্ত ঠাকুৰীয়াই কয়, 'যোৱাকালি আমি আলোচনাত মিলিত হৈ এটা সুস্থিৰ সিদ্ধান্তত উপনীত হৈছোঁ৷ ১৬ তাৰিখৰ ঘটনাত আমি দুখ প্ৰকাশ কৰিছোঁ৷’

এই সন্দৰ্ভত শিল্পী দিগন্ত ভাৰতীয়ে কয় , '১৬ তাৰিখৰ ঘটনা অবাঞ্ছনীয় ৷ বিহু কমিটীয়ে দুখ প্ৰকাশ কৰি ভূল স্বীকাৰ কৰিছে ৷ আমিও সজাগ হ’ম, আমি সকলো মিলি থাকিব লাগিব ৷'

তেওঁ আগলৈ কয়, 'আমি তেওঁলোকক আগৰ দৰেই আদৰণি জনাইছোঁ ৷ ফিল্ম ফেটাৰ্নিটিক এজাহাৰ উঠাই ল’বলৈ আহ্বান চানমাৰি বিহু কমিটীৰ ৷ মই আলহী হিচাপেহে গৈছিলোঁ ৷ দৰ্শক হিচাপে গৈছিলোঁ৷ তেওঁলোকৰ এজনে মোক উঠাই লৈ গৈছিল৷ কিন্তু তেওঁলোকৰ এজনে নমাই দিয়া কাৰ্যতহে মই ক্ষুভিত৷ জাতীয় সাজপাৰৰ নীতি নিয়মক আদৰণি জনাইছোঁ৷ মই আমন্ত্ৰিত শিল্পী হোৱা হ’লে মইও পৰিধান কৰিলোঁ হয় ৷’

ভাস্বতী ভাৰতীৰ মাননি সংবাদ মাধ্যমৰ আগতে প্ৰদান চানমাৰি বিহু সমিতিৰ ৷ বিহুৰ কেইদিন বিহুৰ লগত জড়িত ব্যক্তিসকলৰ ৰাগিয়াল সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান চানমাৰি বিহু সমিতি আৰু শিল্পী সমাজৰ ৷ সংবাদ মাধ্যমৰ সন্মুখতে ভাস্বতী ভাৰতীক পাবলগীয়া ধন ৰাশি চে'ক যোগে প্ৰদান কৰে  চানমাৰি বিহু সমিতিয়ে ৷

ঘটনা সন্দৰ্ভত তেওঁ কয় ,‘তেওঁলোকে কালি আমাৰ ঘৰলৈ গৈছিল মাননী দিবলৈ । কিন্তু আমি ক'লোঁ বিষয়টো যিহেতু ৰাজহুৱা হৈছে , গতিকে ৰাজহুৱাভাৱে সমাধান হওক । তেওঁলোকেও ভুল বুজি পাইছে , আমিও ধৰি থকা নাই ৷’

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This