ডিজিটেল ডেস্ক : শিৱসাগৰত ভয়ংকৰ বানৰ প্রকোপ কিছু অঞ্চলত অলপ কমিছে যদিও শিৱসাগৰত ৰাইজৰ মাজত আজিও আতংক মাৰ যোৱা নাই। সম্প্রতি বহু পৰিয়ালৰ ঘৰ-বাৰী বৰ্তমানেও বাঢ়নী পানীত তল গৈ আছে। যিবোৰ পৰিয়ালৰ ঘৰ-বাৰীৰ পৰা পানী ওলাই গৈছে, সেইবোৰ পৰিয়ালৰ বাৰী-ঘৰ একাঁঠু পলসে ডুবাই পেলোৱাৰ লগতে চৌপাশৰ গছ-গছনিৰ লগতে জীৱ-জন্তুৰ মৰা উৎকট দুৰ্গন্ধৰ বাবেও আপোন ঘৰখনলৈ উভতি যাব পৰা নাই।
ইফালে জিলাখনৰ অন্যান্য প্ৰান্তৰ লগতে শলগুৰি, জকাইচুক আৰু ম'ৰাবজাৰ মৌজাৰ কেইবা শতাধিক পৰিয়াল বৰ্তমানেও ৰাজপথতেই আশ্রয় গ্রহণ কৰি আছে। মৌজা তিনিওটাৰ হঠাৎ ডিমৌ, দিখৌ, জাঁজী, টিফুক, শিঙৰাজান, নখনা আৰু মিটং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ পাছত কোনোমতে জীৱন ৰক্ষা কৰি ওখ ঠাইত আশ্রয় গ্রহণ কৰিছিল। বহু পৰিয়ালে নিজৰ জীৱন ৰক্ষা কৰাৰ স্বাৰ্থত নিজৰ নিজৰ পোহনীয়া জীৱ-জন্তুসমূহ বাঢ়নী পানীতে এৰি থৈ আহিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। কেতবোৰ ভিতৰুৱা গাঁওসমূহত কোনো মতে জীৱন ৰক্ষা কৰি বহু পৰিয়ালে পকী ঘৰৰ একোখন ছাদতে উঠি জীৱন ৰক্ষা কৰাৰ লগতে তাতে আবদ্ধ হৈ পৰিছিল। যিবোৰ পৰিয়াল আশ্রয় বিচাৰি বাহিৰলৈ ওলাই আহিছিল, সেই পৰিয়ালবোৰ নিজ ঘৰলৈ ঘূৰি যাব নোৱাৰাত এ টি ৰ'ড, চাৰিলেনযুক্ত পথৰ ওপৰত অস্থায়ী টিন অথবা তিপালৰ শিবিৰতে দুর্বিষহ জীৱন কটাব লগীয়া হৈছে। অস্থায়ী শিবিৰত পোহনীয়া জীৱ-জন্তুৰ সৈতে সহাৱস্থান কৰা বানাক্ৰান্তৰ জীয়া যাতনা এনে পর্যায় পাইছেগৈ যে উৎকট গৰমত তম্বুৰ তলত উজাগৰী নিশা পাৰ কৰিছে শিশুসহ উক্ত পৰিয়ালবোৰে। পশু খাদ্যৰ যোগান পর্যাপ্ত নোহোৱাত নিজাভাৱে আশ্রয় শিবিৰৰ কাষতে পশু খাদ্য প্রস্তুত কৰিব লগা হৈছে পৰিয়ালসমূহে।
শলগুৰি, ম'ৰাবজাৰ, আৰু জকাইচুক আদি তিনিটাকৈ মৌজা যোৱা এসপ্তাহে জলমগ্ন হৈ থকাত আগন্তুক শালি খেতিলৈ গভীৰ অনিশ্চয়তা আহি পৰিছে। কৃষক পৰিয়ালে পাৰি থোৱা কঠীয়া বানপানীত ডুব গৈ মৰি যোৱাত মূৰে কঁপালে হাত দিব লগা হৈছে। কাৰণ পানী শুকুওৱাৰ পাছত নতুনকৈ কঠীয়া পাৰিলেও শালি খেতিৰ প্ৰকৃত সময় পাৰ হৈ যাব। যোৱা ৭দিন বিদ্যুৎ সৰবৰাহ কৰ্তন হৈ থকাত অন্ধকাৰত ডুব গৈ আছে মৌজাকেইটা। বিদ্যুৎ সৰবৰাহ নথকাত খোৱাপানীৰ তীব্র নাটনিৰ সৃষ্টি হৈছে প্ৰতিটো পৰিয়ালত। পানীৰ অভাৱত তিনি-চাৰিদিনে গা নোধোৱাকৈও থাকিব লগা হৈছে জনসাধাৰণে। নানা সমস্যাৰে ভাৰাক্ৰান্ত বানাক্ৰান্তৰ মাজত প্রশাসন, চৰকাৰ আৰু বহু দল-সংগঠনে খাদ্য সামগ্রী বিতৰণ কৰিলেও ভিতৰুৱা স্থানৰ বহু পৰিয়ালক তেনে সাহায্যই আজিও ঢুকি নোপোৱাৰ অভিযোগ উঠিছে।
ইফালে ডিমৌ নদীৰ বানত ৰুদ্রসাগৰ গাঁও পঞ্চায়তৰ ন ন অঞ্চল প্লাৱিত কৰি তুলিছে। জেৰেঙা পথাৰৰ মাজেদি বৈ যোৱা ডিমৌ নদীৰ বান পূৰ্বৰ তুলনাত হ্রাস পাইছে যদিও এ টি ৰ'ডৰ মানকটা তিনিআলি আৰু বেজবৰুৱা পকী পুলেদি তীব্র গতিত ৰূপহী পথাৰলৈ সোমাই থকা পানীয়ে বহু পৰিয়ালৰ ঘৰ-বাৰীত একাঁঠু পর্যন্ত সোমাইছে। বহু পৰিয়ালে ঘৰ-দুৱাৰ এৰি আশ্রয় শিবিৰলৈও ঢাপলি মেলিব লগীয়া হৈছে। আজিও ভটিয়াপাৰ তিনিআলিৰ পৰা জয়সাগৰৰ পহৰাদাৰ আলি পর্যন্ত বহু স্থানত মূল পথৰ কাষতেই তম্বু তৰি বহু পৰিয়ালে দিন পাৰ কৰিছে। আনহাতে, পানী কমিবলৈ ধৰা দিখৌ নদীৰ মথাউৰি ভয়ংকৰ ৰূপত খহিছে। একে ৰাতিৰ ভিতৰত প্ৰায় এশ মিটাৰ খহাইছে মেটেকা মাজগাঁৱৰ মথাউৰি। মূল মথাউৰিত কেইবাটাও স্থানত ফাট মেলিছে।
বর্তমানলৈকে কোনো বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা কৰা নাই। উল্লেখৰ প্ৰয়োজন যে দিখৌৰ পানী ভাদ মাহলৈকে আহে। গতিকে পুনৰ দিখৌৰ পানী অহাৰ আগতেই যদি ব্যৱস্থা গ্রহণ কৰা নহয়, তেনেহ'লে এইবাৰ বানে নিশ্চিতভাৱে ব্যাপক ক্ষতিসাধন কৰিব ৰংঘৰ, তলাতল ঘৰকে ধৰি জয়সাগৰ পুখুৰী আৰু দ'ল-দেৱালয়সমূহৰ লগতে শতাধিক গাঁও। সময় থাকোঁতেই বিভাগীয় কর্তৃপক্ষই খহনীয়া ৰোধৰ ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। একেদৰে হাতীখোঁক আৰু আমগুৰি ঘাটৰ দুটা অংশত দিখৌৰ পানী বৃদ্ধি হোৱা লগে লগে মথাউৰিৰ তলেদি পানী নির্গত হয়। এই সন্দর্ভত বিস্তৃত বাতৰি প্ৰকাশ হৈ আহিছে যদিও কোনো ব্যৱস্থা গ্রহণ নকৰাটোহে দুৰ্ভাগ্যৰ বিষয়। পৰৱৰ্তী সময়ত এই মথাউৰি দুটা মেৰামতি বা বিহিত ব্যৱস্থা গ্রহণ নকৰিলে অনাগত বাৰিষাত দিখৌৰ বাঢ়নী পানীয়ে যে মথাউৰিটো অনিষ্ট কৰিব পাৰিব, সেয়া নিশ্চিত। সেয়েহে চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বৃহত্তৰ ৰংপুৰবাসীয়ে।