ডিজিটেল ডেস্কঃ এগৰাকী সৰ্প দংশনৰ মুমূৰ্ষু ৰোগী। ডিমৌ গ্ৰাম্য চিকিৎসালয়ত ব্যস্ত সৰ্প চিকিৎসাৰ বিশেষজ্ঞ ডা: সুৰজিৎ গিৰিৰ নেতৃত্বত চিকিৎসকৰ দল।
ৰোগীগৰাকীক দংশন কৰিলে শংশচূড় সাপে। সৰ্প দংশনৰ চিকিৎসাৰ বাবে ব্যৱহৃত এণ্টিভেনম ব্যৱহাৰ কৰিব পৰা নাই ৰোগীক চিকিৎসকৰ দলটিয়ে, কাৰণ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰোগীৰ দেহত।
ইফালে, ৰোগীগৰাকীৰ ছটফটনি, শ্বাস-প্ৰশ্বাস ল'ব নোৱৰা অৱস্থা, হাত-ভৰি বিকল হৈ পৰিছে। এক ভাবিব নোৱৰা পৰিৱেশৰ সৃষ্টি হৈছে। তাতে আকৌ ৰোগীগৰাকী আঠ মাহৰ গৰ্ভৱতী। কিন্তু সৰ্প দংশনৰ বিশেষজ্ঞ চিকিৎসক, বৰ্তমান নামেই যাৰ পৰিচয় ডা: সুৰজিৎ গিৰিৰ নেতৃত্বত চিকিৎসকৰ দলটিয়ে ডিমৌ গ্ৰাম্য চিকিৎসালয়ত যেন অসম্ভৱকো সম্ভৱ কৰি তুলিলে।
সৰ্প দংশনৰ একমাত্ৰ চিকিৎসা এণ্টিভেনম ব্যৱহাৰ নকৰাকৈয়ে ৰোগীগৰাকীক চিকিৎসা প্ৰদানেৰে সুস্থ কৰি তুলিলে। এয়া হয়তো বিশ্বৰ ইতিহাসতে এক বিৰল পৰিঘটনা হিচাপে পৰিগণিত হৈ ৰ'ব। ইয়াৰ পূৰ্বে এগৰাকী গৰ্ভৱতী ৰোগীক এণ্টিভেনম ব্যৱহাৰ কৰি সুস্থ কৰি তোলাৰ লগতে সুৰক্ষিতভাৱে সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হৈছিল। ডা: গিৰিৰ এই চিকিৎসাই সৰ্প দংশনৰ বহুজন ৰোগীৰ জীৱন ঘূৰাই অনা বুলিয়েই নহয়, যেন পুনৰ জনম দিবলৈ সক্ষম হৈছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল