দিব্যাংগ ক্রিকেটাৰ ছিমু দাসক দিব চাকৰি, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

dainik janambhumi December 19, 2025

ডিজিটেল ডেস্ক : বি টি চিৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে কালি ২৫০ কোটি টকা মুকলি কৰি দিয়াৰ লগতে দিব্যাংগ ক্রিকেট খেলুৱৈ অসম কন্যা ছিমু দাসক চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত কেবিনেট বৈঠকত গ্রহণ কৰা সিদ্ধান্তসমূহ ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজি গ্রামীণৰ অধীনত ২০২৫-২৬ বিত্তীয় বর্ষত ২৫০ কোটি টকা বড়োলেণ্ড প্রাদেশীয় পৰিষদ (বি টি চি) লৈ মুকলি কৰি দিয়াৰ বাবে ৰাজ্যিক কেবিনেটে আজি অনুমোদন জনায়। 

একেদৰে জৈৱ- বৈচিত্র্যৰ দিশত থকা অপৰিসীম গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰাৰ ২৭০ হেক্টৰ মাটিকালিৰ কুমৰি বিল আৰু ৩৩৭ হেক্টৰ মাটিকালিৰ ধামাৰ বিলক 'দ্য আছাম ফ'ৰেষ্ট ৰেগুলেশ্যন, ১৮৯১ৰ ৫নং অনুচ্ছেদৰ অধীনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই ক্ষেত্ৰত ৰাইজৰ ওজৰ-আপত্তি গ্ৰহণ কৰা হ'ব। 

ইফালে মহিলা টি-২০ দৃষ্টিহীন বিশ্ব কাপ বিজয়ী ভাৰতীয় মহিলা দৃষ্টিহীন ক্রিকেট দলৰ সদস্যা অসমকন্যা ছিমু দাসক ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্ৰশিক্ষক (ফিজিকেল ইনস্ট্রাকটৰ) পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ধেমাজি জিলাৰ কাৰেং চাপৰিত কেন্দ্ৰীয় অর্ধ সামাৰিক বাহিনী (চি আৰ পি এফ)ৰ এটা নতুন গ্রুপ চেণ্টাৰ নিৰ্মাণৰ অৰ্থে ৬০৭ বিঘা চৰকাৰী মাটি হস্তান্তৰকৰণত আজিৰ কেবিনেটে অনুমোদন জনায়। একেদৰে কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত আজি সৰ্বমুঠ ৩০৮টা পৰিয়াললৈ ভূমি আৱণ্টনতো অনুমোদন জনায়। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিবলগীয়া এমনিয়া ইউৰিয়া প্ৰকল্পটোৰ বাবে প্রয়োজন হ'ব লগীয়া ভূমি আবণ্টনত কালিৰ কেবিনেটে অনুমোদন জনায়।

Share This