ডিজিটেল ডেস্ক : ৰাজস্থানৰ জয়ছালমেৰৰ মেঘা গাঁৱত গৱেষকসকলে বিৰল প্ৰজাতিৰ কুম্ভীৰ সদৃশ জীৱাশ্ম আৱিষ্কাৰ কৰিছে। ১.৫-ৰ পৰা ২ মিটাৰ পৰ্যন্ত দীঘল এই জীৱাশ্মটো প্রায় ২০ কোটি বছৰ পূৰ্বৰ জুৰাচিক যুগৰ বুলি অনুমান কৰা হৈছে। ৰাজ্যখনৰ জ্যেষ্ঠ জল ভূ-তত্ত্ববিদ ড° নাৰায়ণ দাস ইংখিয়া আৰু তেওঁৰ দলটোৱে এই জীৱাশ্মৰ সন্ধান লাভ কৰিছে।
শ্রীইংখিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে সেই স্থানত আৰু বহুতো জীৱাশ্মৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে, যিয়ে বিৱৰ্তনৰ ইতিহাস সন্দৰ্ভত গুৰুত্বপূৰ্ণ আৰু আকর্ষণীয় তথ্য দাঙি ধৰিব। ইয়াৰ দ্বাৰা অঞ্চলটো জীৱাশ্ম পৰ্যটনৰ বাবে উল্লেখযোগ্য স্থান হিচাপেও পৰিগণিত হ'ব বুলি তেওঁ মন্তব্য কৰে।
ভূ-বিজ্ঞানী চি পি ৰাজেন্দ্ৰনে কয় যে জীৱাশ্মটো অর্ধ জলজ প্রাণীৰ বুলি ঠাৱৰ কৰা হৈছে, অৰ্থাৎ প্রাণীবিধে নদীৰ লগতে স্থলভাগতো বাস কৰিছিল। কিছু দিন পূৰ্বে গাঁওখনৰ একাংশ লোকে অঞ্চলটোত এটা গাঁত খান্দিবলৈ গৈ জীৱাশ্মটোৰ সম্ভেদ পাইছিল।