ডিজিটেল ডেস্ক: চিৰাং জিলাৰ বিজনী বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক কেন্দ্রীয় অধিৱেশনৰ কালি দ্বিতীয় দিনা কেইবাটাও উল্লেখনীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুই সহস্রাধিক প্রতিনিধি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত কালি পুৱাৰ ভাগত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে।
পতাকা উত্তোলন কৰি সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে বড়ো ভাষাৰ সাহিত্য সেৱীসকলক নিজৰ সৃষ্টিৰ জৰিয়তে সমাজৰ উপকাৰ সাধন কৰিবলৈ আহ্বান জনোৱাৰ লগতে বড়ো ভাষাক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবেও লেখক-সাহিত্যিকসকলক আহ্বান জনায়। ইয়াৰ পাছতে শ্বহীদ তর্পণ কাৰ্যসূচী মুকলি কৰে বড়ো সাহিত্য সভাৰ উপ-সভাপতি সীতাৰাম বসুমতাৰীয়ে। শ্রদ্ধাঞ্জলি-অনুষ্ঠান মুকলি কৰে বড়ো সাহিত্য সভাৰ আন এজন উপ-সভাপতি প্রশান্ত বড়োবে। পতাকা উত্তোলন কার্যসূচী ৰূপায়ণৰ সময়ত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এইবাৰৰ বড়ো সাহিত্য সভাৰ অধিবেশন বিশেষভাৱে তাৎপর্যপূর্ণ।
অসমৰ জনজাতিসকলৰ ভূমিৰ সমস্যা, শিক্ষা-দীক্ষা, অর্থনৈতিক, ৰাজনৈতিক, সামাজিক দিশৰ সন্দর্ভত বিশেষ আলোচনা কৰা হয়। একেদৰে বড়ো সমাজৰ অভিভাৱক হিচাপে বড়ো সাহিত্য সভাৰ প্রতিনিধি সভাই অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ সৰৱ হৈ থকাৰ লগতে ইয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰা কৰা হ'ব বুলি মত পোষণ কৰে। কালি দিনটোৰ কাৰ্যসূচীৰ ভিতৰত বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় গ্রন্থ উন্মোচনী সভা, বঁটা প্রদান অনুষ্ঠান, সাহিত্য অকাদেমি বঁটা প্রাপকক সম্বর্ধনা আৰু আলোচনা-চক্র। আদৰণী সমিতিৰ 'ছানজাৰাং' শীর্ষক স্মৃতিগ্রন্থখন উন্মোচন কৰে বড়োলেও বিশ্ববিদ্যালয়ৰ অধ্যাপক ইন্দিৰা বড়োৱে। একেটা অনুষ্ঠানত বড়ো সাহিত্য সভাৰ ১২খন নির্বাচিত গ্ৰন্থৰ উপৰি বিভিন্ন লেখক-লেখিকাৰ আন গ্রন্থসমূহো উন্মোচন কৰা হয়। এই অনুষ্ঠানত বড়ো সাহিত্য সভাৰ মুঠ ১১টা বিশেষ বঁটা প্ৰদানৰ লগতে বিগত ২০০৪-২০০৫ বর্ষত বিভিন্ন শিতানত সাহিত্য অকাদেমি বঁটাপ্রাপ্ত লেখক-লেখিকাক সম্বর্ধনা জ্ঞাপন কৰা হয়।
কালি বিশিষ্ট অতিথিৰূপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সংবাদ মাধ্যমৰ যোগেৰে সুন্দৰ আয়োজন কৰা বুলি উল্লেখ কৰি বড়ো সাহিত্য সভাই বড়ো সমাজৰ দিক নির্ণয় কৰি অহা বুলি উল্লেখ কৰি বড়ো সাহিত্য সভা বড়ো জাতিৰ হৃদপিণ্ড বুলি উল্লেখ কৰে। বিয়লি পদ্মশ্রী অধ্যাপক ড° অনিল বড়োৰ সঞ্চালনাত অনুষ্ঠিত 'পৰিচয় আৰু প্ৰতিৰোধৰ কণ্ঠ: সমসাময়িক বড়ো সাহিত্যত প্রৱণতা আৰু পৰিৱৰ্তন' শীর্ষক আলোচনীখনৰ মুকলি কৰে লেখক তথা ৰাজ্যখনৰ কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই। মন্ত্রী ব্রহ্মই বড়ো সাহিত্য সভাই বড়ো সমাজৰ শিক্ষা, ভাষা আৰু সমাজ ব্যৱস্থাৰ উত্তৰণৰ দিশত যথেষ্ট কাম কৰিছে আৰু অনাগত দিনতো ভাষা সাহিত্যৰ উন্নতিৰ দিশত কাম কৰি যাব বুলি উল্লেখ কৰে। চুবুৰীয়া নেপাল, ভূটান, বিভিন্ন ৰাজ্যসহ ৰাজ্যখনৰ প্ৰতিনিধিৰে উখল-মাখল হৈ থকা থেংফাখ্ৰী পথাৰৰ আজি নিশা অনুষ্ঠিত দ্বিতীয়খন প্রতিনিধি সভাই পৰৱৰ্তী তিনিটা বৰ্ষৰ বাবে নতুনকৈ বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে।